অসম

assam

ETV Bharat / state

মহানগৰীৰ বৰিপাৰাত আৰক্ষীৰ বৈঠক - গুৱাহাটী

সভাখনত এনআৰচি আৰু মহানগৰীত অবাধ হাৰত চলি থকা চুৰি-ডকাইতি, ড্ৰাগছ আদি অপৰাধজনিত ঘটনা সন্দৰ্ভত আলোচনা কৰা হয় ৷

আৰক্ষীৰ বৈঠক

By

Published : Aug 29, 2019, 7:32 AM IST

গুৱাহাটী, 29 আগষ্টঃ বুধবাৰে মহানগৰীৰ বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত পশ্চিম গুৱাহাটী সংমণ্ডল আৰক্ষীৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ পশ্চিম গুৱাহাটী সংমণ্ডল আৰক্ষীৰ অধীনস্থ থানাৰ অন্তৰ্গত সকলো নাগৰিক কমিটিৰ সদস্য তথা বিষয়ববীয়া সকল,জ্যেষ্ঠ নাগৰিক আৰু শীৰ্ষ আৰক্ষী বিষয়াসকল এই সভাত উপস্থিত থাকে।

আৰক্ষীৰ বৈঠক
সভাত এন আৰ চি আৰু মহানগৰীত অবাধ হাৰত চলি থকা চুৰি-ডকাইতি,ড্ৰাগছ আদি অপৰাধজনিত ঘটনা সন্দৰ্ভত আলোচনা কৰা হয় ৷ অহা 31 আগষ্টত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলোকে সজাগ থাকিবলৈও আহ্বান জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ লগতে অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰে আৰক্ষীয়ে। যদি কোনো ঠাইত সন্দেহজনক ঘটনা সংঘটিত হৈ আছে তেন্তে ততালিকে আৰক্ষীক খবৰ দিবলৈও আহ্বান জনাই আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details