অসম

assam

ETV Bharat / state

দিছপুৰৰে আছিল সঘন আহ-যাহ, কবৰৰ পৰিবৰ্তে কিয় জ্বলাই দিয়া হ’ল মুনুমুনৰ মৃতদেহ ? - Moonmoon Begum Death

Moonmoon Begum Mysterious Death: মুনমুন বেগমৰ মৃত্যুৰ ঘটনাত অধিক ৰহস্য ঘনীভূত হৈছে ৷ মাতৃৰ মৃতদেহ কবৰস্থ কৰাৰ বিপৰীতে পুত্ৰই কিয় দাহ কৰিলে সেয়াও এক ডাঙৰ প্ৰশ্ন ৷ মৃত মুনমুনৰে বিধায়ক আৱাসৰ কি এনে গভীৰ সম্পৰ্ক আছিল তাক লৈও অৱতাৰণা হৈছে প্ৰশ্নৰ ৷

Moonmoon Begum Death
কবৰৰ পৰিবৰ্তে কিয় জ্বলাই দিয়া হ’ল মুনুমুনৰ মৃতদেহ?

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 7:32 PM IST

কবৰৰ পৰিবৰ্তে কিয় জ্বলাই দিয়া হ’ল মুনুমুনৰ মৃতদেহ?

গুৱাহাটী, ১৩ জানুৱাৰী : নুনমাটিৰ চাঞ্চল্যকৰ মুনমুন বেগমৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে তদন্ত কৰি ন ন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে ৷ গুৱাহাটী মহানগৰ আয়ুক্তালয়ৰ মধ্য জিলাৰ ডিচিপি অমিতাভ বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মৃত মুনমুন বেগমৰ বাসগৃহত উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰিছে ৷

আৰক্ষীৰ দলটোৱে ঘৰটোৰ তন্ন তন্নকৈ তলাচী চলায় ৷ আৰক্ষীয়ে ঘৰটোৰ পৰা চিচিটিভিৰ ফুটেজৰ লগতে বহু আপত্তিজনক নথি পত্ৰৰ উপৰিও মৃত মহিলাগৰাকীৰ ম’বাইল ফোনটো জব্দ কৰে৷ তদন্ত সামৰি মধ্য জিলাৰ ডিচিপি অমিতাভ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মুনমুন বেগমৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটো আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে ৷

মৃত মুনমুন বেগমৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে তেওঁৰ শৰীৰৰ অংগৰ নমুনা সংগ্ৰহ কৰি ৰাজ্যিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে । লগতে ডি চি পি অমিতাভ বসুমতাৰীয়ে কয় আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ ঘৰৰ ফুটেজ আৰু ম’বাইল ফোনৰ উপৰিও আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে ৷ প্ৰাথমিক অৱস্থাত মহিলাগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তথ্য প্ৰকাশ কৰাৰ পৰিৱেশ সৃষ্টি হোৱা নাই বুলি উল্লেখ কৰি অমিতাভ বসুমতাৰীয়ে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে মহিলাগৰাকীৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিব ৷

ইপিনে মৃত মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালৰ চাৰিগৰাকী লোকক পূৰ্বে হত্যা কৰাৰ ঘটনা মুনমুনৰ ৰহস্যজনক মৃত্যুৰ লগত কিবা সম্পৰ্ক আছে নেকি সেয়াও তদন্তৰ আওতালৈ অনা হ’ব বুলি ডিচিপি অমিতাভ বসুমতাৰীয়ে উল্লেখ কৰে ৷

আনহাতে মুনমুন বেগমৰ ৰহস্যজনক মৃত্যুৰ ঘটনা অঞ্চলটোৰ ৰাইজে সহজভাৱে ল’ব পৰা নাই ৷ ইছলাম ধৰ্ম পালন কৰা মুনমুন বেগমৰ মৃতদেহটো কৰবস্থ কৰাৰ বিপৰীতে জ্যেষ্ঠ পুত্ৰ বৰুন চৌহানে শ্মশানলৈ নি সৎকাৰ কৰা কাৰ্য ৰাইজে সহজভাৱে ল’ব পৰা নাই ৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি অঞ্চলটোৰ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷

ইফালে মুনমুন বেগমৰ মৃত্যুৰ দিনা নিশা ৩ বজাত জ্যেষ্ঠ পুত্ৰ বৰুন চৌহানে ঘৰৰ ভিতৰৰ পৰা কাপোৰ-কানিসহ অন্যান্য সা-সামগ্ৰী উলিয়াই নিয়া বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ জ্যেষ্ঠ পুত্ৰ বৰুন চৌহানৰ ভূমিকাক ৰাইজে সহজভাৱে ল’ব পৰা নাই ৷ আনহাতে মুনমুন বেগমৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে জ্যেষ্ঠ পুত্ৰ বৰুন চৌহান আৰু কনিষ্ঠ পুত্ৰক আটক কৰি থানাত কেবাঘণ্টাও জেৰা কৰি ঘৰলৈ যাবলৈ দিয়ে ৷

ইপিনে মৃত মুনমুন বেগমৰ লগত হাইপ্ৰফাইল লোকৰ মধুৰ সম্পৰ্ক আছিল বুলিও জনা গৈছে ৷ তদুপৰি মৃত মুনমুন বেগমে দিছপুৰৰ বিধায়ক আবাসগৃহলৈ সঘনাই অহা-যোৱা কৰিছিল বুলি আৰক্ষীৰ এটা সূত্ৰই সদৰী কৰিছে ৷ দিছপুৰৰ লগত মুনমুন বেগমৰ কি সম্পৰ্ক আছিল সেয়া লৈ ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে ৷

উল্লেখ্য যে ২০০৬ বৰ্ষত মহিলাগৰাকীৰ স্বামী মতলেব আলীক বামুণীমৈদাম বজাৰত দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিছিল । ইয়াৰ পূৰ্বে অৰ্থাৎ ১৯৯৮ চনত বামুণীমৈদাম ৰে’লৱে কলনী বজাৰত মতলেব আলীৰ একমাত্ৰ ভাতৃ মুন্না আলীক মাছৰ দাৰে দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰিছিল ৷ একেটা বৰ্ষত অৰ্থাৎ ২০০৬ চনত মতলেব আলীৰ ঘৰত বনকৰা যুৱক হিচাবে থকা স্বপন দাসক বামুনীমৈদাম বজাৰত দুৰ্বৃত্তই হত্যা কৰিছিল । এই হত্যাকাণ্ডসমূহৰ চাঞ্চল্য মাৰ নৌযাওতে ২০০৭ চনত মতলেবৰ পিতৃ মহব্বত আলীক কোনো দুৰ্বৃত্তই হত্যা কৰি ভৰলুমুখৰ শান্তিপুৰৰ ৰে’ল লাইনত পেলাই থৈছিল ।

মৃত মতলেব আলীৰ পৰিয়ালৰ সকলো পুৰুষ সদস্যক দুৰ্বৃত্তই হত্যা কৰিছিল যদিও এগৰাকীও মহিলাক হত্যা কৰা নাছিল । পুৰুষবিহীন পৰিয়ালটো শেহতীয়াকৈ বামুণীমৈদামৰ ঘৰ মাটি বিক্ৰী কৰি নুনমাটিৰ নিজৰাপাৰত ঘৰ নিৰ্মাণ কৰি স্থায়ীভাবে বসবাস কৰি আছিল । মুনমুন বেগমৰ ৰহস্যজনক মৃত্যুৰ সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱর্তত সোমাই পৰিছে ।

ইপিনে মৃত মুনমুন বেগমে নিজ স্বামী মতলেব আলীৰ মৃত্যুৰ পিচত দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হৈছিল যদিও দ্বিতীয় স্বামীৰ সৈতেও বিবাহ বিচ্ছেদ হৈছিল ৷ এতিয়া সমগ্ৰ ঘটনাটো নুনমাটি আৰক্ষীয়ে তদন্ত কৰি ঘটনাটো হত্যা নে দুৰ্ঘটনা সেয়া উলিয়াব পাৰে নে নোৱাৰে সেই সন্দৰ্ভত ৰাইজে আৰক্ষীৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে ৷

লগতে পঢ়ক:নুনমাটিত শোৱনী কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ ৰক্তাক্ত মৃতদেহ

ABOUT THE AUTHOR

...view details