অসম

assam

ETV Bharat / state

Basistha Traffic police Scam: আৰক্ষীয়ে চক্ৰান্ত কৰি জাপি দিলে লাখটকীয়া গোচৰ; মহিলাৰ গুৰুতৰ অভিযোগ

পুনৰ গুৱাহাটীত অসম আৰক্ষীক লজ্জাজনক কৰা ঘটনা পোহৰলৈ আহিছে ৷ পৰিয়ালৰ লোকক বচাবলৈ গৈ এগৰাকী মহিলাৰ ওপৰত 35 লাখ টকীয়া গোচৰ জাপিলে যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৃপেন শইকীয়াই (Police file a case sake of seeking help) ৷

Police file a case sake of seeking help in Beltola
সহায় বিচাৰি আৰক্ষীয়ে জাপি দিলে লাখটকীয়া গোচৰ

By

Published : Feb 21, 2023, 8:20 PM IST

সহায় বিচাৰি আৰক্ষীয়ে জাপি দিলে লাখটকীয়া গোচৰ

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী:পুনৰ আৰক্ষীৰ খাকী পোছাকত কালিমা সানিলে এগৰাকী যান-বাহন আৰক্ষী বিষয়াই ৷ নিজৰ পৰিয়ালৰ লোকক বচাবলৈ গৈ সাধাৰণ লোকক মেৰপেচত ফচোৱাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ এইবাৰ বশিষ্ঠ যান বাহন আৰক্ষীৰ মেৰপেচত পৰিল এগৰাকী মহিলা (Police file a case sake of seeking help)। যান বাহন আৰক্ষী নৃপেন শইকীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ ৷

"বশিষ্ঠ থানাৰ পৰা যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৃপেন শইকীয়াই (Traffic police IC Nripen Saikia) মোক ফোনযোগে মাতিছিল ৷ মোক তেওঁলোকে গাড়ীৰ ইঞ্চুৰেঞ্চৰ কাগজ-পত্ৰ আছে নেকি সুধিছিল ৷ মই সেই অনুসৰি গাড়ীৰ কাগজ-পত্ৰও দেখুৱাইছিলো ৷ আৰক্ষীয়ে মোৰপৰা আধাৰ কাৰ্ড, পেন কাৰ্ডসহ সকলো তথ্য বিচাৰিছিল ৷ মই কিয় বুলি প্ৰশ্ন কৰোঁতে তেওঁ মোক কয় যে, তেওঁৰ ঘৰৰ চিনাকী এজন লোকৰ গাড়ী এখন ফচি আছিল, এই তথ্য পাতিখিনিৰে এই গাড়ীখন মোকলাই দিব লাগে’’ ৷ এগৰাকী ভুক্তভোগী মহিলাৰ স্বীকাৰোক্তি এয়া ৷

মহিলাগৰাকীয়ে লগতে কয়, ‘‘মই মান্তি নোহোৱাৰ পিচতো তেওঁ মোক বাৰে বাৰে শান্তনা দিছিল যে, মই আছো নহয় চিন্তা নকৰিবা ৷ তেওঁক বিশ্বাস কৰিয়েই মই কাগজখিনি দিছিলো ৷ কিন্তু শেহতীয়াকৈ গম পাইছো যে, মোৰ স্কুটীখনেৰে এগৰাকী মহিলাক খুন্দিয়াই হত্যা কৰিছো ৷ মই এই সম্পৰ্কে একেবাৰে গম নাপাওঁ ৷ এইখিনি কথাকে মই তেওঁলোকক ফোনযোগে কব বিচাৰি আছিলো কিন্তু তেওঁলোকে ফোনটো কাটি কাটি দিয়ে ৷ তেওঁলোকে এইখিনি কাম জানি বুজি কৰিছে ৷ তেওঁলোকে মোক এই কথাৰ উত্তৰ দিয়ক ৷" ধনৰ খকত অসম আৰক্ষীৰ জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ মহিলাৰ (Basistha Traffic police Scam) ৷

মহিলাগৰাকীয়ে জনোৱা অনুসৰি ২০২২ চনৰ ১১ আগষ্টত মহানগৰীত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল (Road accident in Guwahati)। বেহাৰবাৰীৰ সোনকুছিত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় জামেনা খাতুন নামৰ এগৰাকী মহিলা । পৰৱৰ্তী সময়ত আহত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু মুখত পৰিছিল মহিলাগৰাকী ৷

সেই সময়ত বশিষ্ঠ আৰক্ষী থানাৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দায়িত্বত আছিল নৃপেন শইকীয়া। কিন্তু নৃপেন শইকীয়াই পৰিয়ালৰ লোকজনক বচাবলৈ গৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন মোকলাই দিয়াৰ বাবে এক ষড়যন্ত্ৰ ৰচিছিল ।

এই ষড়যন্ত্ৰত নৃপেন শইকীয়াৰ লগতে জড়িত আছিল যান বাহন আৰক্ষী বিষয়া লক্ষ্মণ নাথ আৰু বশিষ্ঠ নাগৰিক সমিতিৰ সম্পাদক উজ্জ্বল তালুকদাৰো জড়িত আছিল বুলি মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ বাহনৰ নথি পত্ৰ উপস্থাপন কৰি এই বাহনখনেই দুৰ্ঘটনা সংঘটিত কৰে বুলি তথ্য প্ৰস্তুত কৰে আৰক্ষীয়ে।

যাৰ ফলত এতিয়া ৩৫ লাখ টকাৰ এক গোচৰৰ বলি হৈছে এইগৰাকী মহিলা । আদালতৰ পৰা অহা নাটিছ দেখি হতবাক হৈ মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপে যদিও কোনো সহাৰি পোৱা নাই মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক:Barshashree Buragohain summoned: 28 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

ABOUT THE AUTHOR

...view details