সংবাদমেল পাতি চৰকাৰক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ গুৱাহাটী, ২০ জুন: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশাৱলী নমনাকৈ আৰু পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰা, আৰক্ষী প্ৰশাসনৰ ওপৰত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰা, গুৱাহাটীৰ পানী যোগান আঁচনিৰ খেলিমেলিবোৰৰ বিষয়ে এক শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী তুলিছে অসম নাগৰিক সমাজে ৷
ইয়াৰ লগতে বানপানী আৰু গৰাখহনীয়াত আক্রান্ত সকলৰ উচিত ক্ষতিপূৰণ আৰু সংস্থাপনৰ ব্যৱস্থা কৰা, ৰাজহুৱা শুনানি আৰু বিশেষজ্ঞৰ মতামত অবিহনে ৰাজহুৱা অট্টালিকাৰ ভঙা-পতা বন্ধ ৰখা, বিদ্যুতৰ প্রি-পেইড মিটাৰৰ ব্যৱহাৰ বন্ধ কৰক, প্রকৃত জৰীপ অবিহনে গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ বঢ়োৱাটো স্থগিত ৰখা আৰু অনুৎপাদনশীল ৰাজহুৱা ধনৰ অপচয় বন্ধ কৰাৰ বাবেও ৰাজ্য চৰকাৰক তেওঁলোকে দাবী জনায় ।
গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই কয়,‘‘ক্ষমতালৈ আহিয়েই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বৰ উচ্চ-বাচ্য কৰিছিল । কিন্তু সময় বাগৰাৰ লগে লগে চৰকাৰখনৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে । ক্ষমতালৈ আহিয়েই চৰকাৰখনে পুলিচ এনকাউন্টাৰ, পক্ষপাতিত্বমূলক উচ্ছেদ আৰু বাল্য-বিবাহ বন্ধ কৰাৰ নামত চাৰিওফালে এক হুলস্থূল লগাইছিল । এই উৎপীড়ণৰ বলি হৈছিল মূলতঃ সংখ্যালঘু আৰু জনজাতীয় লোক সকল ।’’
তেওঁ লগতে কয়, ‘‘পুলিচ এনকাউন্টাৰে ৰাজ্যখনক কেনে নৈৰাজ্যলৈ লৈ গৈছে, তাৰে শেহতীয়া উদাহৰণ হৈছে জোনমণি ৰাভাৰ ঘটনাটো । জোনমণিৰ মৃত্যুৰ ঘটনাটোৱে প্ৰমাণ কৰিলে যে ৰাজ্যৰ পুলিচ প্রশাসন আইনৰ শাসনৰ দ্বাৰা পৰিচালিত হোৱাৰ সলনি কাৰোবাৰ মইমতালিতহে চলি আছে । পুলিচ প্ৰশাসনত দেখা দিয়া অৰাজকতাৰ বাবে দায়ী ৰাজনৈতিক হস্তক্ষেপ । জোনমণি ৰাভাৰ ঘটনাটোৰ অনুসন্ধানৰ দায়িত্ব কেন্দ্রীয় অনুসন্ধান সংস্থা(চি বি আই)ক দিয়া হৈছে । কিন্তু, চি বি আই এতিয়া চৰকাৰৰ হাতৰ পুতলা । আমি নাভাবোঁ চিবিআয়ে ঘটনাৰ উচিত আৰু নিৰপেক্ষ তদন্ত কৰিব । চি বি আইৰ সলনি এক স্বতন্ত্র ন্যায়িক তদন্তইহে ঘটনাৰ সত্যাসত্য উদ্ঘাটন কৰিব পাৰিব ।’’
লগতে পঢ়ক:Junmoni Rabha Death Case : জোনমণিৰ মৃত্যুৰ চিবিআই তদন্তত আশ্বস্ত নহয় প্ৰদেশ কংগ্ৰেছ
‘‘চৰকাৰে সততে উন্নয়নৰ কথা কয় । চৰকাৰৰ উন্নয়নৰ নমুনা চাবলৈ আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই । ৰাজধানী চহৰ গুৱাহাটীখনেই তাৰ বাবে যথেষ্ট । অইন নালাগে, পানী যোগানৰ নামত চৰকাৰে চহৰখনত কি এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আমি সকলোৱে দেখিছোঁ । যোৱা এমাহত চহৰখনৰ চাৰি ঠাইত পানীৰ পাইপ ফুটি স্থানীয় ৰাইজক জলা-কলা খুৱাইছে । মানুহৰ মৃত্যু পর্যন্ত হৈছে । দুর্নীতি, অপশাসনত আকণ্ঠ নিমজ্জিত হাজাৰ কোটি টকীয়া পানীৰ প্ৰকল্পৰ পৰা আজিলৈকে গুৱাহাটীবাসীয়ে খোৱা পানী টুপি পোৱা নাই; অথচ য'তে ত'তে পাইপ ফুটি মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে ।’’ সাংসদ ভূঞাই লগতে কয় ৷
অজিত ভূঞাই আৰু কয়, ‘‘চাৰিওফালৰ পানী ভর্তি অৰ্ধনির্মিত নলাই গুৱাহাটীখনক এক বিপজ্জনক আৰু কদৰ্য চহৰলৈ ৰূপান্তৰিত কৰিছে । খৰালি কৰিবলগীয়া কাম বাৰিষা আৰম্ভ কৰি গোটেইখন ছেদেলি-ভেদেলি কৰি পেলোৱা হৈছে । এতিয়া চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ভঙা আৰু পতা । মুখৰ কথাতে প্ৰকাণ্ড প্ৰকাণ্ড চৰকাৰী অট্টালিকাবোৰ ভাঙি পেলোৱা হৈছে, আন ঠাইত কোটি টকা খৰচ কৰি আকৌ সেইবোৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে । ভাঙোতেও কোটি কোটি টকা খৰচ, পাতোঁতেও কোটি কোটি টকা খৰচ । এই ভঙা পতাৰ দায়িত্ব দিয়া হৈছে চৰকাৰৰ প্ৰিয়পাত্ৰ মুষ্টিমেয় ঠিকাদাৰক । ভঙা পতাৰ নামত গছ-গছনি তহিলং কৰি গোটেইখন তচনচ কৰি পেলোৱা হৈছে । এইবোৰ কৰোঁতে কোনো ৰাজহুৱা শুনানিৰ কথা নাই। কোনো বিশেষজ্ঞৰ অভিমতৰ প্ৰয়োজন নাই ।’’
চৰকাৰৰ আন এক জনবিৰোধী পদক্ষেপ হৈছে সকলো চৰকাৰী সেৱাৰ অত্যধিক মাছুল বৃদ্ধি, পৌৰ কৰ বৃদ্ধি । তাৰ এক উত্তম নিদৰ্শন হ'ল বিদ্যুতৰ অগ্রিম বিল পৰিশোধৰ ব্যৱস্থা । ই গ্ৰাহকক মাধমাৰ শোধাইছে । এই চৰকাৰৰ দিনত ৰাজহুৱা শিক্ষা ব্যৱস্থাটোও প্ৰায় ভাগি পৰিছে । আমি লক্ষ্য কৰিছোঁ এফালে অৰ্থহীন প্ৰচাৰত প্ৰতিমাহে চৰকাৰে কোটি টকা খৰচ কৰিছে, আৰু আনফালে চৰকাৰ নিৰ্মাণ মতলীয়া হৈ পৰিছে । অৰুণোদয় আঁচনিৰ টকা হিতাধিকাৰীলৈ সময়ত মোকলাই দিয়াতে যেন চৰকাৰৰ অস্তিত্ব ৰৈছেগৈ । তাতে বয়-বস্তুৰ মূল্যবৃদ্ধিয়ে ৰাইজৰ অৱস্থা কাহিল কৰিছে । এনে বিফলতাৰ পিচত হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাত থকাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ।
লগতে পঢ়ক:BJP election meeting in Guwahati:কংগ্ৰেছৰ দখলত থকা সমষ্টিত বিজেপিৰ বিস্তাৰক সভা