আৰক্ষীৰ গুলীত গুলীবিদ্ধ চিলনী চোৰ গুৱাহাটী, ৭ আগষ্ট : ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ মহানগৰীত ইটোৰ পিচত সিটো অপৰাধ জনিত ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷
এইবাৰ মহানগৰীত বৃদ্ধি হৈছে চিলনী চোৰৰ উপদ্ৰৱ । মহানগৰীৰ আৰক্ষী থানাসমূহত দৈনিক দাখিল হৈছে চিলনী চোৰৰ বিৰুদ্ধে এজাহাৰ । প্ৰতিদিনে মহানগৰীৰ প্ৰান্তে প্ৰান্তে চিলনী চোৰে কাঢ়ি নিয়ে হাতৰ মোবাইলটো নাইবা ডিঙিৰ চেইন। পথেৰে খোজ কাঢ়ি যোৱা পুৰুষ-মহিলা, যুৱতীক লক্ষ্য কৰি লয় চিলনী চোৰে । খোদ আৰক্ষীও ৰক্ষা পোৱা নাই এই চিলনী চোৰৰ পৰা ।
বিশেষকৈ প্ৰাতঃভ্ৰমণলৈ যোৱা লোকৰ পৰা সঘনাই চিলনী চোৰে কাঢ়ি নিয়ে ডিঙিৰ সোণৰ চেইন, মোবাইল । মহানগৰীত চিলনী চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ কথা খোদ স্বীকাৰ কৰিছে মহানগৰ আৰক্ষী আয়ুক্তয়ো।
ইপিনে আৰক্ষীয়ে চিলনী চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই চিলনী চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ মাজতে চিলনী চোৰে আৰক্ষীৰ জিন্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই তিনিটাকৈ চিলনী চোৰ আৰক্ষীৰ গুলীত আহত হৈছে বুলি খবৰ পোহৰলৈ আহিছে ।
দেওবাৰে নিশা পল্টনবজাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল মহানগৰীত চেইন, মোবাইল আদি থপিয়াই সন্ত্ৰাস সৃষ্টি কৰা মহিলাসহ দুই চোৰক। ধৃত দলটোৱে দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত সংঘটিত কৰিছিল চেইন চুৰিৰ ঘটনা। দলটোৱে জানিবলৈ দিয়া অনুসৰি গান্ধী মণ্ডপ, উলুবাৰী, ৰিহাবাৰীত সংঘটিত কৰিছিল বহু কেইটা ঘটনা।
ৰুঞ্জুমা বেগম আৰু অৰ্জুন সাহা নামৰ দম্পতীটোক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । গ্ৰেপ্তাৰৰ সময়ত দম্পতীটোৰ পৰা সোণৰ আ-অলংকাৰ আৰু মোবাইল জব্দ কৰিছিল আৰক্ষীয়ে । পূৰ্বতেও দম্পতীটোৰ বিৰুদ্ধে বিৰুদ্ধে পল্টন বজাৰ থানাত তিনিটা গোচৰ ৰুজু হৈ আছিল ।
উল্লেখ্য যে, অৰ্জুন সাহাক লগত লৈ দেওবাৰে নিশা চন্দ্ৰপুৰত পল্টনবজাৰ আৰক্ষীয়ে অভিযান চলাবলৈ যাওঁতেই আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত আহত হয় ধৃত অৰ্জুন সাহা। ইয়াৰ পিচতে গুলীবিদ্ধ অৰ্জুনক আৰক্ষীয়ে চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰিছে ৷
লগতে পঢ়ক:Giridih Bus Accident : গিৰিডিহৰ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ বীমা আছিল স্কুটাৰৰ