গুৱাহাটী, ৭ মে’: দিছপুৰ মহাবিদ্যালয়ৰ ধন হৰলুকি হোৱা ঘটনাৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । বেংক কৰ্তৃপক্ষই স্বীকাৰ কৰিছে নিজৰ গাফিলতিৰ কথা । হৰলুকি হোৱা ৭৬ লাখ টকা মহাবিদ্যালয় কৰ্তৃপক্ষক অতি শীঘ্ৰে ঘূৰাই দিব বুলি পত্ৰ প্ৰেৰণ কৰিছে বেংক কৰ্তৃপক্ষই ।
এই বিষয় সন্দৰ্ভত শনিবাৰে মহানগৰীৰ উপ-আৰক্ষী আয়ুক্ত (ইষ্ট) সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে, পূৰ্বৰ এখন চেকৰ জৰিয়তে উলিওৱা হৈছে হৰলুকি হোৱা ধনৰাশি । অন্য এক কামৰ বাবে দিছপুৰ মহাবিদ্যালয়ে ৩৮০০ টকাৰ এখন চেক প্ৰদান কৰিছিল । সেই ৩৮০০ টকাৰ চেকৰ ক্ৰমিক নম্বৰৰ মিল আছে হৰলুকি কৰা ধনৰাশিৰ চেকৰ নম্বৰ সৈতে ৷ ইতিমধ্যেই আটকাধীন বেংকৰ মুখ্য শাখা মেনেজাৰসহ দুগৰাকী বেংক বিষয়াক চৰ্তসাপেক্ষে যাবলৈ দিয়া হৈছে বুলি মন্তব্য কৰে সুধাকৰ সিঙে (Bank manager detained in cheque fraud case of Dispur college)।