অসম

assam

ETV Bharat / state

FIR Against OC n Constable: ন্যায় বিচাৰি থানলৈ যোৱা শ্বহীদ কৰ্ণেলৰ পত্নীক হত্যাৰ অপচেষ্টা আৰক্ষী কনিষ্টবলৰ

স্মাৰ্ট আৰক্ষীৰ গুণ্ডাগিৰি ৷ ন্যায় বিচাৰি থানলৈ যোৱা এগৰাকী স্বহীদ কৰ্ণেলৰ পত্নীৰ পৰা গোচৰ ৰুজু কৰাৰ নামত 500 টকাৰ উৎকোচ বিচৰাৰ লগতে কনিষ্টবলৰ হতুৱাই বাইকেৰে খুন্দিয়াই হত্যাৰ অপচেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Attempting to kill wife of martyred colonel)৷

By

Published : Jan 8, 2023, 2:24 PM IST

Allegation of attempting kill a wife of martyred colonel by police
স্বহীদ কৰ্ণেলৰ পত্নীক সাতগাঁও আৰক্ষীৰ হত্যাৰ অপচেষ্টা

স্বহীদ কৰ্ণেলৰ পত্নীক সাতগাঁও আৰক্ষীৰ হত্যাৰ অপচেষ্টা

গুৱাহাটী, ৮ জানুৱাৰী: ৰক্ষকৰ ৰূপত ভক্ষক ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) স্মাৰ্ট আৰক্ষীক আৰু অধিক সংস্কাৰমুখী কৰাৰ বাবে ভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰাৰ সময়তে একাংশ ঘোচখোৰ আৰক্ষীৰ কৰ্মকাণ্ডই লজ্জিত কৰিছে অসম আৰক্ষীক ৷ এইবাৰৰ ঘটনাৰ স্থান গুৱাহাটীৰ পূব প্ৰান্তৰ এখন গুৰুত্বপূৰ্ণ থানা হিচাপে বিবেচিত সাতগাঁও থানা ৷ ন্যায় বিচাৰি থানলৈ যোৱা এগৰাকী শ্বহীদ কৰ্ণেলৰ পত্নীক আৰক্ষীয়ে উৎকোচ বিচৰাৰ লগতে গাড়ীৰে খুন্দিয়াই হত্যাৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Attempting to kill wife of martyred colonel) ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তোগী মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখা আৰু CID ত অভিযোগ দাখিল কৰিছে । প্ৰাপ্ত অভিযোগ অনুসৰি সাতগাঁৱৰ সোনাই মিকিৰ পথৰ ৪৯ নং ঘৰৰ বাসিন্দা তথা শ্বহীদ কৰ্ণেলৰ পত্নীক তিনি মাহ পূৰ্বে অজ্ঞাত লোকে ফোন কৰি ১০ লাখ টকা দাবী কৰে (Kidnapper demanding 10 lacs) অন্যথা তেওঁৰ একমাত্ৰ চাৰি বছৰীয়া পুত্ৰক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল ৷

লগে লগে ভুক্তভোগী মহিলাগৰাকীয়ে সাতগাঁও আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ (FIR against kidnapper) ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধন দাবী কৰা অভিযুক্ত লোকজনক ধন নিবলৈ অহাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰা হ’ব বুলি সাতগাঁও থানাৰ (Satgaon Police station) ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ বুঢ়াগোঁহাইয়ে (OC Manjit Buhagohain) প্ৰতিশ্ৰুতি দিছিল ৷

সেই মৰ্মে মহিলাগৰাকীয়ে লোকজনে কোৱা ধৰণে ধন আদায় দিবলৈ নিৰ্ধাৰিত স্থান মহানগৰীৰ বৰবাৰীস্থিত প্ৰতীক্ষা হাস্পতালৰ সমীপলৈ যায় ৷ মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে ক’লা ৰঙৰ পালচাৰ বাইক লৈ ধন নিবলৈ অহা লোকজনক প্ৰতক্ষ্য কৰি অতি কৌশলৰে তাৰ পৰা আঁতৰি উক্ত স্থানৰ পৰা কিছু দূৰত থকা সাতগাঁও থানাৰ কনিষ্টবল নিপেণ কলিতক বিষয়টো অৱগত কৰায় ৷ কিন্তু আৰক্ষী কনিষ্টবল গৰাকীয়ে অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰাৰ সলনি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ বিনিময়ত মহিলা গৰাকীৰ পৰা দুই লাখ টকা দাবী কৰে (Police demanding bribe) ৷

মহিলা গৰাকীয়ে কিছু ধন আদায় দিম বুলি কয় যদিও লক্ষণীয় বাবে ঘটনাস্থলীত আৰক্ষীৰ কোনো লোক উপস্থিত নহ’ল ৷ তাৰ পিছত ভুক্তোগীয়ে মহিলাগৰাকীয়ে ধন নিবলৈ অহা অস্ত্ৰধাৰী লোকজনৰ কবলৰ পৰা কোনোমতে পলাই আহিবলৈ সক্ষম হয় ৷ ইয়াৰ মাজতে কনিষ্টবল কলিতাই ভুক্তভোগী মহিলা গৰাকীৰ ঘৰলৈ আহি অভিযুক্তক গ্ৰেপ্তাৰৰ বিনিময়ত দুটা কিস্তিত ১৫ হাজাৰ আৰু আঢ়ৈ হাজাৰ টকা লৈ যায় বুলি বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

ইতিমধ্যে কনিষ্টবল গৰাকীয়ে দাবী কৰা ধনৰ কথা মোবাইল ফোনত ৰেকৰ্ডিং কৰি ভুক্তভোগী মহিলাগৰাকীয়ে সকলো তথ্য পাতি সহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰা বুলিও জানিবলৈ দিছে ৷ আনহাতে দুয়োটা সংস্থাই তদন্ত কৰি থকা বুলি জানিব পাৰি সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ১৫ হাজাৰ টকাটো উভতাই নিবলৈ মহিলাগৰাকীক থানলৈ মাতি পঠিয়াই ৷

সাতগাঁও থানাৰ OC ৰ ৰূমত উপস্থিত হোৱাৰ লগে লগে কনিষ্টবল নিপেন কলিতাই বন্দুকৰে ভাবুকি প্ৰদান কৰি মহিলা গৰাকীক হত্যা কৰাৰ চেষ্টা চলাই বুলিও অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলা গৰাকীয়ে ৷ আনকি বাহিৰলৈ ওলাই অহাৰ সময়তে কনিষ্টবল নিপেন কলিতাই বাইকেৰে খুন্দিয়াই হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ তোলে মহিলাগৰাকীয়ে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে সাতগাঁও থানাত এজাহাৰ দাখিল কৰে যদিও বলপূৰ্বকভাবে সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এজাহাৰখন সলাই দিয়াৰো অভিযোগ উত্থাপন কৰে ৷

আনকি সংবাদ মাধ্যমৰ কাষ চাপিলে মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে OC আৰু কনিষ্টবলগৰাকীয়ে ৷ এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে OC মঞ্জিত বুঢ়াগোহাঁই আৰু কনিষ্টবল নিপেন কলিতাৰ (Constable Nipen Kalita) বিৰুদ্ধে CID ত অভিযোগ দাখিল কৰিছে ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত CID য়ে নিজা ববিয়াকৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

ধন দাবী কৰা লোকজনৰ সৈতে OC মঞ্জিত বুঢ়াগোহাঁইৰ এক সু-সম্পৰ্ক থকাৰো সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে ৷ সম্প্ৰতি উপায় বিহীন হৈ ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চপাৰ লগতে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে ৷

লগতে পঢ়ক:Pre Bhogali Utsav: চাংসাৰিত প্ৰাক ভোগালী উৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details