অসম

assam

ETV Bharat / state

75th independence of india, স্থলপথ আৰু চৰ-চাপৰিত উগ্ৰপন্থীৰ সন্ধানত মহানগৰ আৰক্ষীৰ অভিযান

সমাগত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Anniversary of Indian Independence) ৷ স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত যাতে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ ৰাখি সস্তম হৈছে মহানগৰ আৰক্ষী তথা প্ৰশাসন ৷ ৰাজধানী গুৱাহাটীৰ সকলো প্ৰান্ততে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷

By

Published : Aug 12, 2022, 10:51 PM IST

Updated : Aug 13, 2022, 11:06 AM IST

75th Anniversary of Indian Independence
স্বাধীনতা দিৱস উপলক্ষে সাজু মহানগৰ প্ৰশাসন

গুৱাহাটী, ১২ আগষ্ট :দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ (75th Anniversary of Indian Independence) মাজত মাত্ৰ দুটা দিন বাকী । স্বাধীনতা দিৱসৰ সময়ত যাতে ৰাজ্যত কোনো উগ্ৰপন্থীয়ে যাতে কুটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰাল লৈ ৰাজধানী গুৱাহাটী মহানগৰীটো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মহানৰ আৰক্ষীয়ে (Police administration in Guwahati ready for Independence day) । লগতে মহানগৰীৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলৰ লগতে স্থলপথ, জলপথ, ৰে’লপথত নিয়মীয়া তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে ।

মহানগৰীৰ অন্য প্ৰান্তৰ লগতে সমীপৱৰ্তী চন্দ্ৰপুৰটো আৰক্ষী তথা প্ৰশাসনে ১৫ আগষ্ট উপলক্ষে চলাইছে ব্যাপক তালাচী অভিযান । নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও সংযোগী তৃতীয় ৰাজ্যিক ঘাইপথেৰে মহানগৰীত প্ৰৱেশ কৰা তথা মহানগৰীৰ পৰা ওলাই অহা প্ৰতিখন যান-বাহনত তন্ন তন্নকৈ প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে চলাই তালাচী অভিযান ।

লগতে পঢ়ক :SP Leena Doley at Kaliabor : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সষ্টম নগাঁৱৰ আৰক্ষী প্ৰশাসন

ৰাজপথৰ সমান্তৰালকৈ প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যিসমূহ নদীপথ তথা চাপৰি অঞ্চল আছে, সেইসমূহতো চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ কাৰ্যবাহী দণ্ডাধীশ কৃষ্ণ অৰ্জুন বৰ্মনৰ লগতে মধ্য গুৱাহাটী আৰক্ষীৰ সহ আৰক্ষী আয়ুক্ত নীলোৎপল ডেকা, প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াসহ আৰক্ষীৰ এটি বৃহৎ দলে শুকুৰবাৰে অভিযান চলায় ।

স্বাধীনতা দিৱস উপলক্ষে সাজু মহানগৰ প্ৰশাসন

চৰ-চাপৰি অঞ্চলত থকা প্ৰতিজন লোকৰ ঘৰত প্ৰৱেশ কৰি নথিপত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰে ৷ লগতে কোনো সন্দেহজনক লোকৰ প্ৰৱেশৰ উমান পালে তৎক্ষণাৎ আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায় মহানগৰ আৰক্ষীয়ে ।

উল্লেখ্য যে, দীর্ঘ বিৰতিৰ অন্তত আলফা (স্বাধীন) এ এইবাৰৰ স্বাধীনতা দিৱসবৰ্জন কৰাৰ লগতে স্বাধীনতা দিৱসৰ দিনা অসম বন্ধৰ আহ্বান দিছে । ফলত স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে কোনো দুষ্কৃতিকাৰীয়ে কূটাঘাত সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে মহানগৰ আৰক্ষী অধিক সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :Azadi ka Amrit Mahotsav: ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত সৰুসজাইত ঘৰে ঘৰে ত্ৰিৰংগা অনুষ্ঠান

Last Updated : Aug 13, 2022, 11:06 AM IST

ABOUT THE AUTHOR

...view details