অসম

assam

গুৱাহাটীৰ বৌদ্ধ বিহাৰত পয় চাংকেন উৎসৱ পালন

By

Published : Apr 15, 2019, 3:09 PM IST

মহানগৰীত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে পালন কৰে পয় চাংকেন উৎসৱ ৷ মাংগলিক ৰীতি নীতিৰে বিহাৰৰ ভিতৰৰ পৰা ভগৱান বুদ্ধৰ মুৰ্তি পৱিত্ৰ স্নানৰ বাবে বাহিৰলৈ উলিয়াই অনা হয় ৷ স্নানৰ অন্তত পুনৰ মূল বেদীত স্থাপন কৰা হ'ব ভগৱান বুদ্ধৰ মূৰ্তি ৷

গুৱাহাটীৰ বৌদ্ধ বিহাৰত পয় চাংকেন উৎসৱ

গুৱাহাটী, 15 এপ্ৰিলঃ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত দেওবাৰে মহানগৰীৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে পালন কৰে পয় চাংকেন উৎসৱ । এই উপলক্ষে গড়চুক গাৰোঘূলি বৌদ্ধ বিহাৰত অনুষ্ঠিত হয় ধৰ্মীয় অনুষ্ঠান । বিয়লি শতাধিক লোকৰ উপস্থিতিত প্ৰাৰ্থনা সভা অনুষ্ঠিত হোৱাৰ পিচতে মাংগলিক ৰীতি নীতিৰে বিহাৰৰ ভিতৰৰ পৰা ভগৱান বুদ্ধৰ মূৰ্ত্তি পৱিত্ৰ স্নানৰ বাবে বাহিৰলৈ উলিয়াই অনা হয় । ইয়াৰ পিচতেই অনুষ্ঠিত হয় পয় চাংকেন উৎসৱ । স্নানৰ অন্তত ১৬ এপ্ৰিলৰ বিয়লি পুনৰ মূল বেদীত স্থাপন কৰা হ'ব ভগৱান বুদ্ধৰ মূৰ্ত্তি ।

গুৱাহাটীৰ বৌদ্ধ বিহাৰত পয় চাংকেন উৎসৱ

ABOUT THE AUTHOR

...view details