গুৱাহাটী, 18 অক্টোবৰ : শুকুৰবাৰে গুৱাহাটীৰ অনিল প্লাজাৰ পৰা গ্ৰেপ্তাৰ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড। PNRD কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে। গ্ৰেপ্তাৰ কৰা ৰাজীৱ পৰাশৰ বিজেপিৰ নেতা বুলিও জানিব পৰা গৈছে ৷
ইফালে, লোকজনক গ্ৰেপ্তাৰ কৰাৰ পিচতে লোকজনক কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । ইতিমধ্যে, ৰাজীৱ পৰাশৰক ক্ৰাইম ব্ৰাঞ্চে 5 দিনৰ নিজৰ জিম্মাত বিচাৰে যদিও 3 দিনৰ জিম্মাত দিয়ে আদালতে ।