গুৱাহাটী, 1 ডিচেম্বৰঃগুৱাহাটীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শিঞ্জু অবে । মহানগৰীৰ লাচিত ঘাটৰ এক বিশেষ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে দুয়োগৰাকী প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব ।
ব্ৰহ্মপুত্ৰ বুকুত বৈঠকত মিলিত হ'ব ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰী - নৰেন্দ্ৰ মোডী
প্ৰধানমন্ত্ৰী দুয়োগৰাকীক আদৰাৰ বাবে মহানগৰীৰ মাছখোৱাত দিনে নিশাই চলিছে যুদ্ধকালীন প্ৰস্তুতি ।
প্ৰধানমন্ত্ৰী দুয়োগৰাকীক আদৰাৰ বাবে মহানগৰীত চলিছে ব্যাপক প্ৰস্তুতি । মাছখোৱাৰ লাচিত ঘাটত দিনে নিশাই চলিছে যুদ্ধকালীন প্ৰস্তুতি । আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, জি এম ডি এ আৰু গুৱাহাটী পৌৰ নিগমে এই অনুষ্ঠানৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে । এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে 15 ডিচেম্বৰত গুৱাহাটী ভ্ৰমণলৈ আহিব জাপান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ।
উল্লেখ্য যে, ভাৰত-জাপান সন্মিলনীত অংশগ্ৰহণৰ উদ্দেশ্যে আহিব দুয়োগৰাকী প্ৰধানমন্ত্ৰী । লগতে লাচিত ঘাটৰ পৰা জাহাজেৰে মহাবাহুত প্ৰায় 45 মিনিট ঘুৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শিঞ্জু অবে । এই সময়ছোৱাতে দুয়ো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ উপৰিও দুয়োখন দেশৰ মাজত বহুকেইখন বাণিজ্যিক চুক্তি স্বাক্ষৰ হোৱাৰো সম্ভাৱনা আছে ।