নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী :নিৰ্বাচন আহিলেই ৰাজনৈতিক নেতাৰ ৰাইজৰ কাষলৈ কঢ়া তাঁত বাতিৰ গতি দুগুণে চৰে ৷ অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ প্ৰায় ডেৰ মাহ বাকী থকা অৱস্থাত অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী,অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীৰ আহ-যাহ বৃদ্ধি পাইছে ৷ পুনৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে বিভিন্ন ৰাজহুৱা কাৰ্যসূচী গ্ৰহণ কৰি অসম ভ্ৰমণলৈ আহিব ৷ চলিত বৰ্ষত এয়া মোডীৰ তৃতীয়টো অসম ভ্ৰমণৰ কাৰ্যসূচী ৷
কাৰ্যসূচী অনুসৰি মোডী দিনৰ 11.30 বজাত উপস্থিত হ’ব ধেমাজিত ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৷ তদুপৰি আন কেইবাটাও প্ৰকল্পৰ ঘোষণা কৰিব মোডীয়ে ৷ সেই প্ৰকল্পসমূহ হৈছে- ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰৰ INDMAX ইউনিট, ডিব্ৰুগড়ৰ মধুবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰা গাঁৱৰ গেছ কম্প্ৰেছৰ ষ্টেশ্যন ৷
অসমৰ কাৰ্যসূচী সামৰি পশ্চিমবংগত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী গৰাকী ৷ অসমৰ চুবুৰীয়া ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে ৷ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পশ্চিমবংগৰ হুগলীত ৰে’ল বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি নতুন প্ৰকল্প মুকলি কৰিব ৷ ইয়াৰ লগতে মোডীয়ে নোৱাপাৰাৰ পৰা দক্ষিণেশ্বৰ সংযোগী মেট্ৰ’ ৰে’লৰ ফ্লেগ অফ কৰি প্ৰকল্পটো উদ্বোধন কৰিব ৷
4.1 কিল’মিটাৰ ব্যাসাৰ্ধৰ এই প্ৰকল্পটোত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিছে 464 কোটি টকা ৷ ইয়ে দক্ষিণেশ্বৰ আৰু কালীঘাটৰ বিখ্যাত কালী মন্দিৰৰ যাতায়াত বহু পৰিমাণে সহজসাধ্য কৰি তুলিব ৷ এই সেৱাত সংযোজিত দুই ষ্টেচন ক্ৰমে বৰানগৰ আৰু দক্ষিণেশ্বৰক ইতিমধ্যে বিভিন্ন ধৰণেৰে সজাই পৰাই তোলা হৈছে ৷ মোডীয়ে দক্ষিণ-পূৱ ৰেল’ৱেৰ তৃতীয়টো লাইন অৰ্থাৎ 30 কিল’মিটাৰ দূৰত্বৰ কালাইকুন্দা আৰু 132 কিল’মিটাৰ ব্যাসাৰ্ধৰ ঝাৰগ্ৰামত খড়্গপুৰ আৰু আদিত্যপুৰ সংযোগী প্ৰকল্পটো মুকলি কৰিব ৷ যাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে 1,312 কোটি ৷
লগতে চাওকঃপৰেশ বৰুৱাক ধন্যবাদ জনালে প্ৰণৱ গগৈ পৰিয়ালে