নিউজ ডেস্ক, 10 মে’: সোমবাৰে ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাসহ 13 গৰাকী বিজয়ী প্ৰাৰ্থীয়ে মন্ত্ৰী পদত শপত লোৱাৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক টুইটযোগে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি কয় যে, বিগত পাঁচ বছৰত সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক দিয়া অৱদান অতুলনীয় ৷ পাঁচ বছৰত তেওঁ কৰা উন্নয়ন আৰু দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম ৷