অসম

assam

ETV Bharat / state

এই মাহতে হ'ব মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: সাজু সোণোৱাল - এন ডি এ (NDA)ত সৰু-বৰ 28 টা ৰাজনৈতিক দল

কেন্দ্ৰত দ্বিতীয়বাৰৰ বাবে শাসনত বহিলেও এই পৰ্যন্ত প্ৰধানমন্ত্ৰীয়ে সম্প্ৰসাৰণ ঘটোৱা নাই তেওঁৰ মন্ত্ৰীসভা ৷ অচিৰেই তেঁওৰ মন্ত্ৰী সভা গঠনৰ পূৰ্ণ সম্ভাৱণা আছে ৷ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান পোৱাৰ সম্ভাৱণা ৷

pm-modi-new-cabinet-may-be-complete-soon
এই মাহতে হ'ব মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: সাজু সোণোৱাল

By

Published : Jun 17, 2021, 7:14 PM IST

গুৱাহাটী,17 জুন: চলিত মাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুবছৰীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ কেন্দ্ৰত দ্বিতীয়বাৰৰ বাবে শাসনত বহিলেও এই পৰ্যন্ত প্ৰধানমন্ত্ৰীয়ে সম্প্ৰসাৰণ ঘটোৱা নাই তেওঁৰ মন্ত্ৰীসভা ৷ মনকৰিবলগীয়া যে, দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়েই মোদীয়ে 57 গৰাকী মন্ত্ৰীৰে তেওঁৰ মন্ত্ৰীসভাখন গঠন কৰিছিল ৷ কিন্তু ইতিমধ্যে ইয়াৰে দুগৰাকী মন্ত্ৰীয়ে ইস্তাফা দিয়াৰ লগতে দুগৰাকীৰ মৃত্যু হোৱাত সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আকাৰ হৈছে 53 জনীয়া৷ ইপিনে চলিত মাহতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাই যিকেইগৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে সেইসকলৰ ভিতৰত সৰ্বাধিক চৰ্চাত থকাসকল হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া মধ্যপ্ৰদেশৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়া, বিজু জনতা দল ত্যাগ কৰি বিজেপিলৈ অহা ওড়িশাৰ সাংসদ বৈজয়ন্ত জয় পাণ্ডা আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছ ৷

এই মাহতে হ'ব মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: সাজু সোণোৱাল

উল্লেখ্য যে, এন ডি এ (NDA)ত সৰু-বৰ 28 টা ৰাজনৈতিক দল আছে যদিও কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰিবাব্লিক দলৰ প্ৰতিনিধি হিচাপে ৰামদাস আঠোৱালৰ বাহিৰে আন কোনো দলৰ মন্ত্ৰী নাই ৷ সকলো মন্ত্ৰী বিজেপি দলৰে ৷ ইপিনে অহা বছৰ প্ৰথম ভাগতে উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ সেয়েহে মোদীয়ে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টোত বিশেষভাবে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দিশটোতো গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰীসভাত কেৱল উত্তৰ প্ৰদেশৰে দহজনকৈ মন্ত্ৰী আছে যদিও আসন্ন সম্প্ৰসাৰণত এই সংখ্যা 15 জনলৈও বৃদ্ধি হ'ব পাৰে ৷ মোদীয়ে তেওঁৰ প্ৰথমটো কাৰ্যকালত প্ৰাৰম্ভিকভাৱে 45 গৰাকী মন্ত্ৰীৰে তেওঁৰ মন্ত্ৰীসভাখন গঠন কৰিছিল যদিও পিছলৈ 66 জনলৈ বৃদ্ধি কৰিছিল মন্ত্ৰীৰ সংখ্যা ৷ আনকি 2016 চনৰ জুলাই মাহত তেওঁ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাই 78 জনীয়া কৰিছিল ৷

লগতে পঢ়কঃদিল্লী হিংসা:কাৰাবন্দী তিনি অভিযুক্ত শিক্ষাৰ্থীক মুক্তিৰ নিৰ্দেশ আদালতৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details