গুৱাহাটী, ৭ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয় আৰু নাগালেণ্ড ভ্ৰমণৰ পিছত মঙলবাৰে সন্ধিয়া আহি গুৱাহাটীত উপস্থিত হয় (PM Narendra Modi Guwahati visit) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সন্ধিয়া প্ৰায় 5 বজাত নাগালেণ্ডৰ পৰা আহি বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে অৱতৰণ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰতে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় (CM Himanta Biswa Sarma welcome Modi) । বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীক অসমৰ থলুৱা পৰম্পৰাগত গীত-নৃত্যৰে আদৰণি জনায় ।
মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বৰঝাৰ বিমানবন্দৰ সজাই-পৰাই তোলা হৈছিল । উল্লেখ্য যে, অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে পুৱা প্ৰায় ১০.১৫ মিনিটত বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীৰ বিশেষ বিমানেৰে অৱতৰণ কৰিছিল । তাৰ পৰা প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে শ্বিলঙলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী (PM Modi attend Conrad Sangma swear in) ।
আনহাতে, তিনিখন বিশেষ হেলিকাপ্টাৰেৰে তেওঁক সুৰক্ষা দি নিয়া হৈছিল । শ্বিলঙৰ ৰাজভৱনত কনৰাড চাংমাৰ নেতৃত্বাধীন নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰীয়ে । তাৰ পিচত দিনৰ ডেৰ বজাত কোহিমাৰ ৰাজধানী সাংস্কৃতিক প্ৰকল্প চৌহদত অনুষ্ঠিত নেফিউ ৰিঅ'ৰ নেতৃত্বাধীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী (PM Modi attend Nagaland CM oath taking ceremony) । দুয়োটা অনুষ্ঠানতে অংশ লোৱাৰ পিছত পুনৰ গুৱাহাটীলৈ উভতি আহে প্ৰধানমন্ত্ৰী মোদী ।