গুৱাহাটী, 17 ছেপ্তেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত'সেৱা সপ্তাহ' হিচাপে পালন কৰিছে বিজেপিয়ে । সেই অনুসৰি মহানগৰীৰ বৰাগাঁৱত পশ্চিম গুৱাহাটী বিজেপি সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক বৃক্ষৰোপণ কাৰ্যসূচী ।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ,ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মাকে প্ৰমুখ্য কৰি বিজেপিক কৰ্মকৰ্তাসকল । ইফালে,এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ।
তেওঁ কয় যে,2021 চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব সংখ্যাগৰিষ্ঠ আসন । পূৰ্বৰ সকলো প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিছে ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনে । যাৰ বাবে অসমৰ ৰাইজে বিজেপিক ভোট দিব বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে ।