অসম

assam

ETV Bharat / state

সাৱধান ! বজাৰত এইবাৰ প্লাষ্টিক চাউল

প্লাষ্টিকৰ কণীৰ পাচত এইবাৰ বজাৰত প্লাষ্টিক চাউল ৷ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভাত খাই অসুস্থ হৈ পৰিছে এটি পৰিয়াল ৷

সাৱধান ! বজাৰত এইবাৰ প্লাষ্টিক চাউল

By

Published : Aug 8, 2019, 3:54 PM IST

কামৰূপ, 8 আগষ্টঃ সাৱধান ! ভাতৰ ঠাইত আপুনি খাই থাকিব পাৰে বৰবিহ ৷ প্লাষ্টিকজাত সামগ্ৰীলৈ ৰূপান্তৰিত হ'ল ভাত ! বজাৰৰ পৰা চাউল কিনি লৈ আহোতে 10 বাৰ পৰীক্ষা কৰক ৷ কিয়নো প্লাষ্টিকৰ কণীৰ পাচত এইবাৰ বজাৰত প্লাষ্টিক চাউল ৷ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভাত খাই অসুস্থ হৈ পৰিছে এটি পৰিয়াল ৷ তথ্য অনুসৰি, বিমানবন্দৰৰ সমীপৰ ভি আই পিৰ পৰা Lunia Marketing (P) LTD ৰ Aeh Brand Sona Boiled Rice নামৰ এটি 25 কিলোগ্ৰামৰ চাউলৰ বস্তা কিনিছিল পৰিয়ালৰ মুৰব্বী ৰাতুল আলীয়ে । বিগত 24 জুলাইত চাউল ক্ৰয় কৰি ৰান্ধি খাই আছিল পৰিয়ালটোৱে ৷ কিন্তু ক্ৰমান্বয়ে অসুস্থ হৈ গৈ আছিল 3 জনীয়া পৰিয়ালটো । তাৰপিছতে চিকিৎসকৰ সহায় লয় যদিও পৰিয়ালটোৰ 2 বছৰীয়া কণমানিজনী বৰ্তমানেও চিকিৎসাধীন ৷ উল্লেখ্য যে, চাউলখিনি প্ৰেছাৰ কুকাৰত বহাই দিয়াৰ পাচতে নিগৰি অহা অতিৰিক্ত ফেনখিনি প্লাষ্টিকজাতীয় সামগ্ৰীলৈ ৰূপান্তৰ হয় ।

সাৱধান ! বজাৰত এইবাৰ প্লাষ্টিক চাউল

চাউলৰ এনে প্লাষ্টিকজাত সামগ্ৰী দেখি বস্তাত থকা ফোন নম্বৰত যোগাযোগ কৰিছিল যদিও বহুবাৰৰ পিছতহে যোগাযোগ সম্ভৱ হয় কোম্পানীটোৰ লগত ৷ আনহাতে, কোম্পানীৰ লোকে চাউলখিনি পৰিদৰ্শন কৰি খাবলৈ মানা কৰাৰ লগতে এয়া কেৱল তেওঁলোকৰ বস্তাটোহে ভিতৰত থকা চাউল নহয় বুলি মন্তব্য কৰে পৰিয়ালটোক । কোম্পানীটোৱে পৰিয়ালৰ লোকক পুনৰ যোগাযোগ কৰি পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত জনাব বুলি কয় যদিও বৰ্তমানেও কোনো যোগাযোগ নকৰাৰ লগতে পৰিয়ালটোক কোনো সহাৰি জনোৱা নাই ।

ABOUT THE AUTHOR

...view details