গুৱাহাটী, ২২ জুন: আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পাছফালে দেৱনগৰত কিছুদিন পূৰ্বে বন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলাইছিল । বেদখলকৃত স্থানসমূহ পুনৰ যাতে বেদখলকাৰীৰ কবলত নপৰে তাৰ বাবে গুৱাহাটীৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে গছপুলি ৰোপণ অভিযান আৰম্ভ কৰিছে । দেৱনগৰ হিচাপে পৰিচিত বন বিভাগৰ উচ্ছেদিত স্থানত গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত গছপুলি ৰোপণ কৰা হয় ।
এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহানগৰ আৰক্ষীৰ পূৱ গুৱাহাটী জিলাৰ উপ আৰক্ষী আয়ুক্ত শুভ্ৰজ্যোতি বৰাই । এই কাৰ্যসূচীত মহানগৰ আৰক্ষীৰ দিছপুৰ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস, পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা, গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জয়ন্ত ডেকা, পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় মনোজ গোস্বামী আৰু নিৰঞ্জন কুমাৰ নন্দীয়ে অংশগ্ৰহণ কৰে । লগতে উপস্থিত থাকে গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা, খানাপাৰা বন্যপ্ৰাণী কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া চফিকুৰ ৰহমানকে ধৰি খানাপাৰা বন শিবিৰৰ কেইবাজনো বনকর্মীয়ে ।