অসম

assam

ETV Bharat / state

পৰ্বতসম সম্পত্তিৰে ধন কুবেৰৰ ৰূপত পি কে দত্ত - PK Dutta as a Dhankuber

অসম আৰক্ষীক বাৰুকৈয়ে অস্বস্তিত পেলোৱা এইজন কলংকিত আৰক্ষী বিষয়া এতিয়া পলাতক ৷ ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা পি কে দত্ত চাকৰি কালতো আছিল এগৰাকী অত্যন্ত বিতৰ্কিত আৰক্ষী বিষয়া ৷ মাটি বেদখলৰ পৰা আৰম্ভ কৰি আলফা কেডাৰক হত্যা কৰি আলফাৰ "গুপ্তধন" আত্মসাৎ কৰালৈকে অজস্ব বিতৰ্কত সাঙোৰ খাইছিল এইজন কুখ্যাত আৰক্ষী বিষয়াৰ নাম ৷

PK Dutta as a Dhankuber
পৰ্বতসম সম্পত্তিৰে ধন কুবেৰৰ ৰূপত পি কে দত্ত

By

Published : Sep 25, 2020, 7:50 PM IST

Updated : Sep 25, 2020, 8:12 PM IST

গুৱাহাটী, 25 ছেপ্টেম্বৰ:পি কে দত্ত ৷ সম্পূৰ্ণ নাম প্ৰশান্ত কুমাৰ দত্ত । অসম আৰক্ষীক বাৰুকৈয়ে অস্বস্তিত পেলোৱা এইজন কলংকিত আৰক্ষী বিষয়া এতিয়া পলাতক ৷ ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা পি কে দত্ত চাকৰি কালতো আছিল এগৰাকী অত্যন্ত বিতৰ্কিত আৰক্ষী বিষয়া ৷ মাটি বেদখলৰ পৰা আৰম্ভ কৰি আলফা কেডাৰক হত্যা কৰি আলফাৰ "গুপ্তধন" আত্মসাৎ কৰালৈকে অজস্ব বিতৰ্কত সাঙোৰ খাইছিল এইজন কুখ্যাত আৰক্ষী বিষয়াৰ নাম ৷ চাকৰি কালত দুৰ্নীতি-কেলেংকাৰীৰে কেইবা হাজাৰ কোটি টকাৰ মালিক হোৱা পি কে দত্তই অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই বুজি পাইছিল বিপদে আহি তেওঁৰ দুৱাৰত টোকৰ দিবলৈ সাজু হৈছে ৷ সেয়েহে পুলিচে গৈ তেওঁৰ ঘৰ-হোটেলত তালাচী চলোৱাৰ আগতেই সপৰিয়ালে অসম এৰিলে পি কে দত্তই ৷ এজন আৰক্ষী বিষয়াই নিজৰ চাকৰি জীৱনত কিমান ধন-সম্পত্তি আহৰণ কৰিব পাৰে বাৰু ? এইজন কুখ্যাত আৰক্ষী বিষয়াৰ সম্পত্তিৰ তালিকা দেখি তদন্তকাৰী আৰক্ষী দলৰো মুৰ আচন্দ্ৰাই কৰি গৈছে ৷

পৰ্বতসম সম্পত্তিৰে ধন কুবেৰৰ ৰূপত পি কে দত্ত

উল্লেখ্য যে, কেইবা হাজাৰ কোটি টকাৰ গৰাকী পি কে দত্তৰ গুৱাহাটীত খানাপাৰাৰ পৰা জালুকবাৰীলৈকে বিভিন্ন স্থানত আছে সৰ্বমুঠ প্ৰায় 12 বিঘাৰো অধিক মাটি ৷ যাৰ মূল্য কিমান হ'ব সেইয়া সহজেই অনুমেয় ৷ তথ্য অনুসৰি পি কে দত্তৰ আছে ফাৰ্ম হাউচৰ লগতে গুৱাহাটী মহানগৰীত আছে চাৰিখনকৈ বিলাসী হোটেল ৷ তাৰে লখৰাস্থিত হোটেল ভাৰ্গৱ গ্ৰেণ্ডখন তিনি তাৰকাযুক্ত ৷ আন কেইখন হল আই এছ বি টিৰ ওচৰত থকা হোটেল ভাৰ্গৱ, পল্টন বজাৰস্থিত ভাৰ্গৱ ইন আৰু গনেশগুৰিস্থিত হোটেল ভাৰ্গৱ ৷ উল্লেখনীয় যে, ডিব্ৰুগড়ৰ উপায়ুক্তৰ বাসভৱনৰ কাষতে পি কে দত্তই নিৰ্মাণ কৰিছে "ভাৰ্গৱ এপাৰ্টমেন্ট" নামৰ এটা বিশাল অট্টালিকা ৷ ডিব্ৰুগড় চহৰৰ সাত ঠাইত আছে তেওঁৰ সম্পত্তি ৷ ইমানেই নহয়, গুৱাহাটীৰ হেঙেৰাবাৰীত আছে তেওঁৰ প্ৰাসাদোপম দুটাকৈ অট্টালিকা ৷ ডিব্ৰুগড়, দিল্লী আৰু গুৱাহাটীত আছে সৰ্বমুঠ 12 টা ফ্লেট । বৰাক উপত্যকাৰ উদাৰবন্দত আছে এখন বিশাল চাহ বাগিচা ৷ যিখন বাগিচাৰ মাটি কালি 1400 বিঘা ৷ সেই বাগিচাতে আছে প্ৰায় কোটি টকীয়া এটা বিলাসী বাংলো ৷ ডিব্ৰুগড়ত থকা তেওঁৰ মাটিৰ পৰিমাণ প্ৰায় 200 বিঘা ‌৷ এই সমস্ত সম্পত্তিৰ গৰাকী হৈছে পি কে দত্তৰ লগতে তেওঁৰ পত্নী, কন্যা, জোৱাই আনকি তেওঁৰ হোটেলৰ বিস্বস্ত মেনেজাৰ পৰ্যন্ত ৷ এইয়া এতিয়ালৈকে তদন্তত পোহৰলৈ অহা হিচাপহে ৷ এই তালিকা আৰু দীঘলীয়া হোৱাৰ সম্ভৱণা ব্যক্ত কৰিছে আৰক্ষীয়ে ৷

প্ৰশ্ন উঠে, ইমান পৰ্বতসম সম্পত্তি আহৰণ কৰিবলৈ পি কে দত্তই আলাউদ্দিনৰ চাকিটো পালে ক'ত ? চাকৰি জীৱনত তেওঁৰ আটাইকেইটা প'ষ্টিঙেই আছিল "লাভজনক" স্থানত ৷ অভিযোগ অনুসৰি মেনেজ কৰাত পাকৈত এইজন কুখ্যাত আৰক্ষী বিষয়াৰ ভাতৃ জয়ন্ত দত্তক আলফাই ডিব্রুগড়ত গুলিয়াই হত্যা কৰিছিল । তাৰ পৰৱৰ্তী সময়ত সেই সময়ত ৰাজ্যত চলি থকা মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ কাৰ্যকালত আৰম্ভ হৈছিল এক কলংকিত অধ্যায় "গুপ্তহত্যা" ৷ সেই গুপ্তহত্যাৰ সৈতে যি দুজন শীৰ্ষ আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাইছিল তাৰে এজন আছিল জি এম শ্ৰীবাস্তৱ আৰু আনজন পি কে দত্ত ৷ গুপ্তহত্যাৰ বিভীষিকা চলি থাকোতেই আলফাই লুকুৱাই থোৱা বহু গুপ্তধনৰ সম্ভেদ পি কে দত্তই লাভ কৰিছিল ৷ পি কে দত্তৰ হাতত সেই সময়ত আলফাৰ নামত প্ৰাণ হেৰুৱাইছিল বহু অসমীয়া যুৱকে ৷ সেইয়াও আছিল পি কে দত্তই লাভ কৰা আলাউদ্দিনৰ চাকিৰ অন্যতম অংশ ৷

লগতে পঢ়কঃ হোটেল ভাৰ্গৱৰ মেনেজাৰ ৰাহুল ডেকাক গ্ৰেপ্তাৰ CID ৰ

Last Updated : Sep 25, 2020, 8:12 PM IST

ABOUT THE AUTHOR

...view details