গুৱাহাটী, 22 মে’ : ‘‘বটদ্ৰৱা ঘটনাৰ লগত জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব ৷ দোষীয়ে শাস্তি পাবই ৷ থানা জ্বলাবলৈ দুঃসাহস কৰা লোকক কঠোৰতম শাস্তি বিহা হ’ব ৷ ৰাজ্যৰ কোনো স্থানতে থানা আক্ৰমণৰ ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ দিয়া নহ’ব (Mob torches police station at Batadrava) । থানা আক্ৰমণৰ ঘটনা এইটোৱেই অন্তিম ঘটনা হ’ব’’ ৷ দেওবাৰে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Piyush Hazarika reacts on Batdrava violence) ৷
তেওঁ লগতে কয় যে, কিছুমান লোকৰ চোৰ, ডকাইত, দগাবাজি এইবাৰো তেজতেই থাকে । সেই স্থানত চোৰ-ডকাইতে বাস কৰে । আনকি সেই স্থানত পূৰ্বতে পাকিস্তানৰো পতাকা উৰুৱা দেখা গৈছিল । এনে দুৰ্বৃত্তৰ বিৰুদ্ধে উচ্ছেদ চলিবই (Police raids house of accused in batadrava police outpost arson)। এনে অঞ্চলতে পাকিস্তান, বাংলাদেশৰ সমৰ্থক, সমাজ বিদ্বেষী, দেশ বিদ্বেষী আৰু দেশৰ সাৰ্বভৌমত্ব অমান্য কৰা লোক থাকে বুলি অভিযোগ কৰে মন্ত্ৰী হাজৰিকাই ।
লগতে পঢ়ক : বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া অপৰাধীৰ বাসগৃহ উচ্ছেদ