গুৱাহাটী, 16 ডিচেম্বৰ:সৰিয়হৰ ডুলিতে এইবাৰ ওলাল ভূত ৷ তিনিমাহ ধৰি প্ৰাক্তন উপ-আৰক্ষী অধীক্ষকৰ ভাড়াতীয়া হিচাপে থাকিল এটা কুখ্যাত ডকাইত ৷ ঘটনাৰ স্থান মহানগৰীৰ মাজমজিয়াত ৷ বৃহস্পতিবাৰে আৰক্ষীৰ তালাচীৰ পাছতহে পোহৰলৈ আহিল সম্পূৰ্ণ তথ্য (Pistol with bullet recovered in Guwahati) ৷
উল্লেখ্য যে, গোপন সূত্ৰৰ ভিত্তিত কালি মহানগৰ আৰক্ষীৰ দলে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্তৰ (Guwahati Joint CP Partha Sarathi Mahanta) নেতৃত্বত চানমাৰীৰ নবীন নগৰৰ পুলিচ গলিত অভিযান চলায় ৷ এই অভিযানৰ সময়চোৱাতেই প্ৰাক্তন উপ-আৰক্ষী অধীক্ষক লস্কৰৰ ঘৰত তিনি মাহ ধৰি ভাড়াতীয়া হিচাবে থকা ডকাইতটোক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Robber arested at Guwahati nabin nagar) ৷
বিগত তিনি মাহ ধৰি প্ৰাক্তন উপ-আৰক্ষী অধীক্ষকগৰাকীৰ গৃহত আত্মগোপন কৰি থকা কুখ্যাত ডকাইটো ৰফিকুল ইছলাম ওৰফে গাল কটা বাবু বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ কুখ্যাত ডকাইটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় .22 পিষ্টল আৰু সজীৱ গুলি ৷ উল্লেখ্য যে, প্ৰাক্তন উপ-আৰক্ষী অধীক্ষকগৰাকীৰ গৃহত জনীয়াৰ ৰফিকুল ইছলাম ওৰফে গাল কটা বাবুৱে নিজকে এগৰাকী অটোচালক হিচাপে পৰিচয় দি তিনি মাহ ধৰি ভাড়াতীয়া হিচাপে বাস কৰিছিল(Police seized pistol with bullet gfrom robber) ৷