গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: নিশাৰ মহানগৰীত পিষ্টল লৈ ৰিক্সাৱালাৰ দপদপনি ৷ দেওবাৰে নিশা পল্টনবজাৰত অবৈধ পিষ্টল জব্দ কৰে (pistol seized from a rickshaw driver)৷ নিশা এজন ৰিক্সাৱালাই হাতত পিষ্টল দেখুৱাই মানুহক ভাবুকি দি থকাৰ খবৰ লাভ কৰাৰ লগে লগে পল্টনবজাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷
আৰক্ষীয়ে ৰিক্সাৱালা অজয় কুমাৰ প্ৰসাদক ঘটনাস্থলীতে গ্ৰেপ্তাৰ কৰাৰ লগতে পাঁচজাই গুলীসহ এটা পিষ্টল উদ্ধাৰ কৰে (pistol seized at Paltanbazar) ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত অজয়ৰ ঘৰ বিহাৰত (Rickshaw driver from Bihar) ৷ লকডাউনৰ সময়ত দুবছৰৰ বাবে বিহাৰৰ গৈছিল অজয় ৷ কিন্তু পৰৱৰ্তী সময়ত পুনৰ অসমলৈ ঘূৰি আহিছিল ৰিক্সাৱালাটো ৷