গুৱাহাটী, ৭ আগষ্ট :প্ৰকৃততে কি চলিছে ব’ল ব’মৰ নামত ? ভক্তি নে নিচাযুক্ত দ্ৰব্য সেৱনৰ মেলাহে হৈছে ব’ল ব’মৰ নাম ! ব’ল ব’ম বুলিলে সঘনে বাতৰিৰ শিৰোনাম দখল কৰা বশিষ্ঠ মন্দিৰত ড্ৰাগছ, ভাং কিম্বা অন্য নিচাজাতীয় সামগ্ৰীৰ উপৰিও এইবাৰ উদ্ধাৰ হৈছে এটা পিষ্টল ৷ এই পিষ্টল উদ্ধাৰ হোৱাৰ পাচতে বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই আৰক্ষীক অৱগত কৰে ৷ তাৰ পাচতে আৰক্ষীয়ে জব্দ কৰে পিষ্টলটো ৷
অৱশ্যে আৰক্ষীৰ পৰীক্ষণত বশিষ্ঠ মন্দিৰৰ পৰা উদ্ধাৰ কৰা পিষ্টলটো প্ৰকৃততে এটা লাইটাৰ বুলিহে ধৰা পৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিদিনাই বশিষ্ঠ মন্দিৰৰ প্ৰাংগনৰ পৰা উদ্ধাৰ কৰা হৈছে পিষ্টল সদৃশ লাইটৰ, ছুৰী, ডেগাৰ, ড্ৰাগছ, মদ, ভাঙকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ।
সমান্তৰালভাৱে প্ৰশাসনৰ বাধাকো নেওচি একাংশই উচ্চ স্বৰত বজাইছে সংগীত । লগতে একাংশ যুৱক-যুৱতীৰ উদ্দাম নৃত্যই মন্দিৰৰ আধ্যাত্মিকতা বিনষ্ট কৰিছে ৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল ৷ উল্লেখ্য যে, দেওবাৰে নিশাও আমিনগাঁৱৰ মধ্যবস্তীৰ এজন কিশোৰৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগছ । এই কথা গম পাই স্থানীয় ৰাইজে ড্ৰাগছসহ কিশোৰজনক গতাই দিয়ে বশিষ্ঠ আৰক্ষীক ।