গুৱাহাটী, 27 মে' :গুৱাহাটী মহানগৰীত বন্ধ হ'ল পিংক বাছ সেৱা(Pink bus service stoped in Guwahati) । মহানগৰীৰ মহিলাৰ আৰু বয়োজেষ্ঠৰ বাবে বিনামূলীয়া পিংক বাছ সেৱা 'ভ্ৰমণ সাৰথি' নামেৰে আৰম্ভ কৰা এই বাছ সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদৰি কৰে এই কথা ।
উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে ঢাক ঢোল বজাই মহানগৰীত প্ৰথমবাৰৰ বাবে বৃদ্ধ আৰু মহিলাৰ বাবে বিনামূলীয়া পিংক বাছ সেৱা 'ভ্ৰমণ সাৰথি' নামেৰে আৰম্ভ কৰিছিল । ২০২১ চনৰ ১০ জানুৱাৰীত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 'ভ্রমণ সাৰথি' আঁচনিৰ অধীনত গুৱাহাটী মহানগৰীৰ মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্পূর্ণ বিনামূলীয়া এই বাছ সেৱা খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় চৌহদৰ পৰা ‘ফ্লেগ অফ' কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ।