অসম

assam

ETV Bharat / state

নিমাওমাও ৰাজীৱ ভৱন ! বিজয়োৎসৱ উদযাপন কৰা নহ’ল ভূপেন বৰাৰ

চেঁচাপানী পৰিল ভূপেন বৰাৰ আশাত ৷ ভাবিছিল আজিৰ দিনটোত গুৱাহাটীৰ ৰাজীৱ ভৱনত বিজয় উৎসৱ উদযাপন কৰিব ৷ প্ৰতিখন জিলাৰ কংগ্ৰেছ কৰ্মীসকলকো অনুমতি অবিহনেই বিজয়োৎসৱ উদযাপন কৰিবলৈ স্বাধীনতা দিছিল বৰাই ৷ কিন্তু নহ’ল ! বিপৰীতে কেৱল মৰিশালীসদৃশ পৰিৱেশ ৰাজীৱ ভৱনত ৷

guwahati Rajiv Bhawan
নিমাওমাও গুৱাহাটীৰ ৰাজীৱ ভৱন

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 6:03 PM IST

নিমাওমাও গুৱাহাটীৰ ৰাজীৱ ভৱন

গুৱাহাটী, 3 ডিচেম্বৰ : মৰিশালীসদৃশ নিস্তব্ধতাই বিৰাজ কৰিছে গুৱাহাটীৰ ৰাজীৱ ভৱনত ৷ আতচবাজী ফুটাই আনন্দ কৰিবলৈও নাই কোনো ৷ কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত নাই কোনো শীৰ্ষ নেতা ৷ মুঠতে কাঁহ পৰি জীণ যোৱা অৱস্থা ৰাজীৱ ভৱনত ৷

5 ৰাজ্যৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাচত আত্মবিশ্বাসী হৈ পৰিছিল কংগ্ৰেছ দল ৷ ৰাইজে কংগ্ৰেছৰ সপক্ষে ভোটদান কৰাটো দলটোৰ নেতৃত্বই নিশ্চিত বুলিয়েই ভাবিছিল ৷ অসমৰ কংগ্ৰেছ নেতা-কৰ্মীক দলটোৰ নিশ্চিত জয়ৰ সম্ভাৱনাই চুই গৈছিল ৷ সেয়েহে 5 ৰাজ্যৰ 4 খনৰ ভোটগণনাৰ আগদিনাই অসমৰ প্ৰতিখন জিলা সদৰৰ ৰাজীৱ ভৱনত বিজয়োৎসৱৰ প্ৰস্তুত প্ৰায় তুংগত উঠিছিল ৷

ভূপেন বৰাই শনিবাৰে কোৱা মতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিখন জিলা সমিতিয়েই ভূপেন বৰাই ফোনকল কৰি তেওঁৰ পৰা অনুমতি বিচাৰিছিল বিজয়োৎসৱ উদযাপনৰ বাবে ৷ কিন্তু ভূপেন বৰাই অনুমতি ল’ব নালাগে বুলি কৈছিল ৷ সংবাদ মাধ্যমৰ সন্মুখত সভাপতি বৰাই কয় যে চাৰি ৰাজ্যৰ ভোটগণনাৰ দিনটোত অৰ্থাৎ আজি প্ৰথম ৰাউণ্ডৰ গণনাৰ পাচতে অসমৰ জিলাই জিলাই বিজয় উৎসৱ আৰম্ভ হ’ব ৷ ভূপেন বৰা নিজেই গুৱাহাটীৰ ৰাজীৱ ভৱনত থাকি বিজয়ৰ আনন্দ উপভোগৰ কথা আছিল ৷ কিন্তু নহ’ল ৷ সেই আনন্দই লগ নিদিলে বৰাৰ লগতে দলৰ আন কৰ্মীসকলক ৷

কেৱল তেলেংগানাত জয়ী হোৱাৰ বিপৰীতে বাকী 3 ৰাজ্যত মুখ ঠেকেচা খোৱাৰ ফলত মৰিশালীসদৃশ নিস্তব্ধতা দেখা গ’ল ৰাজীৱ ভৱনত ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাতো বাদেই, দলৰ আন কোনো চিনাকি চেহেৰা দেখা নগ’ল ৰাজীৱ ভৱনত ৷ ইফালে এই পৰাজয়ৰ পাচত মনৰ ভাৱ প্ৰকাশৰ পৰাও বিৰত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ কেন্দ্ৰীয় নেতৃত্বই ক’বলৈ ক’লেহে কোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :আজমলে সহায় কৰিলে নিৰ্বাচন নেখেলে ভূপেন বৰাই !

ABOUT THE AUTHOR

...view details