অসম

assam

ETV Bharat / state

কৰ'ণাত মৃত লোকক সৎকাৰৰ দায়িত্ব চৰকাৰৰ পীযুষ হাজৰিকা

উলুবাৰী শ্মশান অচিৰেই ইলেক্ট্ৰনিক চিতাৰ ব্যৱস্থা হ'ব । ভূতনাথ শ্মশানৰ সমিতিৰ সৈতে আলোচনাত মিলিত হৈ ক'ভিডত মৃত্যু হোৱা লোকক সৎকাৰ কৰাৰ বাবে সৎকাৰ কৰ্মীৰ সংখ্যা বৃদ্ধি কৰাৰ কথা উল্লেখ মন্ত্ৰী পীযুষ হাজৰিকাৰ ।

পীযুষ হাজৰিকা
পীযুষ হাজৰিকা

By

Published : Jul 11, 2020, 12:45 AM IST

গুৱাহাটী, 10 জুলাইঃ শুকুৰবাৰে মহানগৰীৰ ভূতনাথ শ্মশানত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা । তাত উপস্থিত হৈ শ্মশান সমিতিৰ সৈতে আলোচনাত মিলিত হয় । কৰ'ণাত মৃত লোকক সৎকাৰৰ দায়িত্ব চৰকাৰৰ বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । শ্মশানসমূহত ক'ভিডত মৃত্যু হোৱা লোকক সৎকাৰ কৰাৰ বাবে সৎকাৰ কৰ্মীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে আলোচনা কৰে মন্ত্ৰী হাজৰিকাই । তাৰোপৰি ক'ভিডত মৃত্যু হোৱা লোকক সৎকাৰৰ ক্ষেত্ৰত বিভিন্ন লোকে বাধা দি সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

উলুবাৰী শ্মশান অচিৰেই ইলেক্ট্ৰনিক চিতাৰ ব্যৱস্থা হ'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই। ইফালে সাধাৰণ ঔষধৰ নাটনি সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে, ড্ৰাগছ ডিলাৰৰ পৰা কৰ'ণা সংক্ৰমণ হোৱা বাবে ঔষধৰ কিছু নাটনি হৈছে ।

কৰ'ণাত মৃত লোকক সৎকাৰৰ দায়িত্ব চৰকাৰঃ পীযুষ হাজৰিকা

আনহাতে বৃহস্পতিবাৰে ফাঁচীবজাৰত একাংশ দোকানৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা । কিন্তু ইয়াৰ পাচত ফাঁচীবজাৰৰ ব্যৱসায়ীয়ে সামাজিক মাধ্যমত উভতি ধৰিছিল মন্ত্ৰীগৰাকীক। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ কোনো সম্প্ৰদায় বা কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাই ।

লগতে পঢ়ক :বন্ধৰ দিশে স্বাস্থ্য বিভাগৰ নিৰ্দেশ অমান্য কৰা ব্যৱসায়িক প্ৰতিষ্ঠান

ABOUT THE AUTHOR

...view details