অসম

assam

ETV Bharat / state

মনজিৎ মহন্তক মানসিক বিকাৰগ্ৰস্ত আখ্যা পিযুষ হাজৰিকাৰ - মনজিৎ মহন্তক পাবত গজা কংগ্ৰেছী আখ্যা

এ আই ইউ ডি এফৰ ৫ বিধায়কে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ (AIUDF MLAs met the Chief Minister at his house)। এই অভিযোগক নাকচ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই এয়া মিছা প্ৰচাৰ বুলি মন্তব্য কৰিছে ৷ মন্ত্ৰীগৰাকীৰ মতে এয়া মানসিক বিকাৰগ্ৰস্তৰ পৰিচয় । মনজিৎ মহন্ত আৰু ভূপেন বৰাই এই অভিযোগ প্ৰমাণ কৰক অন্যথা মানহানিৰ গোচৰ তৰাৰ হুংকাৰ দিছে পিযুষ হাজৰিকাই ৷

APCC says AIUDF MLAs meets CM at his house
মনজিৎ মহন্তক মানসিক বিকাৰগ্ৰস্ত আখ্যা

By

Published : Apr 1, 2022, 4:41 PM IST

Updated : Apr 1, 2022, 5:14 PM IST

গুৱাহাটী, 1 এপ্ৰিলঃ ৰ‍াজ্যসভাৰ নিৰ্বাচন সমাপ্ত হ'ল যদিও সমাপ্ত হোৱা নাই আক্ৰমণ প্ৰত্যাক্ৰমণ । বৰং অভিযোগ প্ৰতি-অভিযোগৰ জোৱাৰ উঠিছে । ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাৰ পাছতে আৰু অধিক তীব্ৰতৰ হৈছে পৰস্পৰ বিৰোধী বাদানুবাদ ।

ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফ দলে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে । শুকুৰবাৰে পুৱাই প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই এক বিবৃতিযোগে এ আই ইউ ডি এফৰ পাঁচজন বিধায়কে পুৱাতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহলৈ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ অভিযোগ উত্থাপন কৰে (AIUDF MLAs met the Chief Minister at his house)। বিবৃতিটোত কোৱা হয় যে, তেওঁলোক দুখন গাড়ীৰে গৈ পুৱা ৬ বজাৰ পিছতে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰায় ৮ বজাত তাৰ পৰা ওলাই আহে ।

বিধায়ককেইজন ক্ৰমে সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, বদৰপুৰৰ বিধায়ক আব্দুল আজিজ, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু ধিঙৰ বিধায়ক আমিনুল ইছলাম বুলি উল্লেখ কৰে মনজিৎ মহন্তই । ইয়াৰ উপৰি দলটোৰ এগৰাকী জিলা সভাপতিও এই পাঁচ বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ গৈছিল বুলি উল্লেখ কৰে বিবৃতিত ।

মনজিৎ মহন্তৰ এই বিবৃতিৰ পিছতে সৰৱ হৈ পৰে মন্ত্ৰী পিযুষ হাজৰিকা । বিধানসভা চৌহদত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসত্য-মিথ্যা প্ৰচাৰ চলাইছে মনজিৎ মহন্তই । অসভ্য, বৰ্বৰ, মানসিক বিকাৰগ্ৰস্ত মানুহৰ পৰিচয় এয়া । মনজিৎ মহন্ত আৰু ভূপেন বৰাই প্ৰমাণ কৰক অন্যথা আদালতলৈ গৈ মানহানিৰ গোচৰ তৰিম বুলি তেওঁ হুংকাৰ দিয়ে । মনজিৎ মহন্তক পাবত গজা কংগ্ৰেছী আখ্যা দি তেওঁ কয় যে এয়া অসভ্য মানুহৰ চতুৰালিৰ বাহিৰে একো নহয় (Pijush Hazarika denied meeting of AIUDF MLA with CM)।

মনজিৎ মহন্তক মানসিক বিকাৰগ্ৰস্ত আখ্যা পিযুষ হাজৰিকাৰ

পিযুষ হাজৰিকাই দৃঢ়তাৰে কয় যে, এ আই ইউ ডি এফৰ কোনো বিধায়ক মুখ্যমন্ত্ৰীৰ ঘৰলৈ যোৱা নাই । ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক বিৰোধীয়ে ভোট দিয়া প্ৰসংগত তেওঁ কয় যে কোনে ভোট দিছে মই নাজানো যদিও কংগ্ৰেছে দিয়া বুলি অনুমান কৰিছো । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আমি যদি কালি গণতন্ত্ৰ ধ্বংস কৰিছো তেন্তে কংগ্ৰেছে হাজাৰ হাজাৰ বাৰ, লাখ বাৰ গণতন্ত্ৰক ধ্বংস কৰিছে। গণতন্ত্ৰ ৰক্ষাৰ বাবে কংগ্ৰেছৰ পাঠৰ তেওঁলোকক প্ৰয়োজন নাই বুলি তেওঁ কয় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী ৰাজ কৰিছে নে ভাল কাম কৰিছে সেয়া অসমৰ ৰাইজে বিচাৰ কৰিব । আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনত এজেণ্ট হিচাপে থকা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বিৰাজ সাথে তেওঁৰ ভাল বন্ধু বুলি তেওঁ সদৰি কৰে । বিজেপিয়ে কাকো টকা-পইচা দিয়া নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ সুশাসনৰ বাবে আমাক কোনোবাই সমৰ্থন কৰিছে । ইফালে মনজিৎ মহন্তক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে এ আই ইউ ডি এফৰ চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে । এ ‍আই ইউ ডি এফৰ বিধায়কজনে মনজিৎ মহন্তৰ অভিযোগ প্ৰত্যক্ষভাৱে নাকচ কৰিছে ।

লগতে পঢ়ক:AIUDF আৰু বিজেপিৰ চাৰ্টিফিকেট বিচাৰি মই ৰাজনীতি কৰা নাই : মনজিৎ মহন্ত

Last Updated : Apr 1, 2022, 5:14 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details