গুৱাহাটী,১৭ মাৰ্চ :"এনে ঘটনাৰ দ্বাৰা শিক্ষকৰ প্ৰতি মানুহৰ ভাল ভাৱ নোহোৱা হৈ যাব । এইটো ঠিক যে সকলোৱে কৰা নাই । এজনৰ ভুলৰ বাবে আমি সকলোকে বেয়া চকুৰে চাব নোৱাৰো । পৰৱৰ্তী সময়ত যাতে এনে ঘটনা নহয় তাৰ বাবে বেয়া কাম কৰা লোকসকলক যিমান পাৰি সিমান কঠোৰ শাস্তি দিব লাগে ।" - এই মন্তব্য মন্ত্রী পীযুষ হাজৰীকাৰ (Pijush Hazarika reacts over HSLC paper leak)।
শুকুৰবাৰে বিধানসভা চৌহদত মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পাছত পুনৰ অসমীয়া প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্রী হাজৰীকাই এইদৰে মন্তব্য কৰে (HSLC question paper leaked)। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বেয়া মনুহে বেয়া কাম কৰিবলৈ বিচাৰি ফুৰে । কিন্তু অতি সোনকালে সেইসকল চিনাক্ত হৈছে । আগতেও প্ৰশ্নকাকত ফাদিল হৈছিল যদিও এনেদৰে তাৎক্ষণিকভাৱে কৰায়ত্ত হোৱা নাছিল বুলি তেওঁ দাবী কৰে ।
প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচৰাৰ কথা সদৰি কৰি তেওঁ কয় যে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । শিক্ষকতাৰ দৰে পবিত্র বৃত্তিত জড়িত হৈ যদি কোনো লোকে এনে গৰ্হিত কাম কৰে তেতিয়া চৰকাৰ অসহায় হৈ পৰে । উদাহৰণ দি তেওঁ কয় যে বাজেটখন যদি বিভাগৰ কোনো লোকে আগতীয়াকৈ ফাদিল কৰি দিয়ে তাত কৰিবলগীয়া কি আছে ।