গুৱাহাটী, 18 জুন: "ৰূপজ্যোতি কুৰ্মী যিটো ৰাজনৈতিক দলত থাকিব, তেওঁ সেইটো ৰাজনৈতিক দলৰ বাবে সম্পদ । কাৰণ তেওঁ এজন যুঁজাৰু নেতা । তেওঁ কথা ক'বলৈ ভয় নকৰে" ৷ এই মন্তব্য সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ । শুকুৰবাৰে বিধানসভা সচিবালয়ত ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ ত্যাগ কৰিবলৈ আহি উপস্থিত হোৱাৰে পৰা তেওঁক সংগ দিয়া দেখা যায় মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, বিধায়ক জয়ন্তমল্ল বৰুৱাক ৷
পীযুষ হাজৰিকাই কয় যে, ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ আচলতে কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি । সেই কথা কংগ্ৰেছ নেতৃত্বই মানি লওক বা নলওক । বৰং তেওঁ যি দলত থাকিব, সেই দলৰ বাবে তেওঁ সম্পদস্বৰূপ হব বুলিও মন্তব্য কৰে হাজৰিকাই ।
ইজনৰ পাচত সিজনকৈ নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ পাচত কংগ্ৰেছ থাকিবগৈনে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত পীযুষ হাজৰিকাই কয় যে, কংগ্ৰেছত শেষলৈকে এনে দুই এজন লোক হয়তো ৰৈ যাব যিসকলক আন কোনো দলে গ্ৰহণ নকৰে ।