সোণাপুৰ, 25 মাৰ্চঃসোমবাৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযূষ হাজৰিকাই সোণাপুৰ জিলা চিকিৎসালয় পৰিদৰ্শন কৰাৰ পিচত বুধবাৰে, পুনৰ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সৈতে চিকিৎসালয়খন পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ কৰ'ণা ভাইৰাছক আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে সোণাপুৰ জিলা চিকিৎসালয় খনত জৰুৰীকালীনভাৱে ১৫০খন বিচনা যুক্ত চিকিৎসালয় বিচাপে সাজু কৰি তুলিছে ৷
সোণাপুৰস্থিত জিলা চিকিৎসালয়ৰ পৰিস্থিতিৰ বুজ ল'লে পিযূষ হাজৰিকাই - বিশ্বজিৎ পেগু
বুধাবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযূষ হাজৰিকাই সোণাপুৰস্থিত জিলা চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ কাম কাজৰ বুজ লয় ৷
সোণাপুৰস্থিত জিলা চিকিৎসালয়