অসম

assam

ETV Bharat / state

পিয়ানোৰ মূৰ্চ্ছনাত সৰগ নামিল শংকৰদেৱ কলাক্ষেত্ৰত - শতাধিক পিয়ানোৰ মূৰ্চ্ছনাত মায়াময় শংকৰদেৱ কলাক্ষেত্ৰ

সুৰৰ মূৰ্চ্ছনাৰে মুখৰিত কলাক্ষেত্ৰ ৷ পিয়ানোৰ মূৰ্চ্ছনাত মায়াময় শংকৰদেৱ কলাক্ষেত্ৰ ৷ কলাক্ষেত্ৰত আগশাৰীৰ পিয়ানো শিক্ষা প্ৰতিষ্ঠান 'পিয়ানো কিডচ'ৰ বিশেষ সংগীতানুষ্ঠান (Piano concert held at Sankaradeva Kalakshetra) ৷

piano-concert-held-at-sankaradeva-kalakshetra-in-guwahati
শতাধিক পিয়ানোৰ মূৰ্চ্ছনাত মায়াময় শংকৰদেৱ কলাক্ষেত্ৰ

By

Published : Apr 8, 2022, 7:40 PM IST

গুৱাহাটী, ৮ এপ্ৰিল : এজাক শিশু আৰু কিশোৰ-কিশোৰীৰ আঙুলিৰ চন্দময়তাত বৃহস্পতিবাৰৰ নিশাটোত যেন সৰগ নামি আহিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ! মঞ্চত শাৰী শাৰী পিয়ানো । সেই পিয়ানোত প্ৰাণ পাই উঠিল ন-কৈ আঙুলি বুলাবলৈ শিকা কণ কণ এজাক শিশুৰ পৰা আৰম্ভ কৰি ন'টেশ্বন অনুসৰণ কৰি বজোৱাৰ কৌশল ইতিমধ্যে আয়ত্ব কৰা আন এজাক শিশু আৰু কিশোৰ কিশোৰীৰ সুমধুৰ সুৰৰ সমলয় ।

শতাধিক পিয়ানোৰ মূৰ্চ্ছনাত মায়াময় শংকৰদেৱ কলাক্ষেত্ৰ

কি শুনিব আপুনি ! অসমীয়া জাতিৰ সেই পবিত্ৰ প্ৰাৰ্থনা 'মুক্তিত নিস্পৃহ যিটো', নে দ্বীপেন বৰুৱাৰ 'কোনে আজি আবেলি' ! জে পি দাসৰ 'পৰিচয়বিহীন যাযাবৰ লগৰী' নে জুবিন গাৰ্গৰ 'মায়াবিনী ৰাতিৰ বুকুত' নে বিথোবেনৰ সেই কালজয়ী সৃষ্টি 'অড টু জয়' ! পিয়ানোত এটাৰ পিছত আনটো গীতৰ সমলয় সৃষ্টি কৰি এই শিশু আৰু কিশোৰ-কিশোৰী সকলে প্ৰায় তিনি ঘন্টা সময় মন্ত্ৰমুগ্ধ কৰি ৰাখে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সমবেত হোৱা সহস্ৰাধিক দৰ্শক-শ্ৰোতাক ।

গুৱাহাটীৰ লগতে ভাৰতবৰ্ষৰ কেইবা ঠাইতো থকা "পিয়ানো কিডছ" নামৰ পিয়ানো শিক্ষা প্ৰতিষ্ঠানটিৰ বৰ্ষপূৰ্তি অনুষ্ঠান বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত (Piano concert held at Sankaradeva Kalakshetra)।

বিগত দুটা বছৰে ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে "পিয়ানো কিডছ"এ অনুষ্ঠিত কৰিব পৰা নাছিল বৰ্ষপূৰ্তিৰ অনুষ্ঠান । অসমত "পিয়ানো কিডছ"ৰ গুৰিবঠাডাল ধৰি ৰাখোতাজন হৈছে বিশিষ্ট সংগীত শিল্পী, নাট্যকাৰ, অভিনেতা কুশলকৃষ্ণ দেৱগোস্বামী । গুৰু কুশলকৃষ্ণ দেৱগোস্বামীৰ তত্বাৱধানতে গুৱাহাটীৰ "পিয়ানো কিডছ" ত বিগত এটা দশকৰো অধিক কালজুৰি ইটোৰ পিছত সিটো চামৰ শিক্ষাৰ্থীয়ে গ্ৰহণ কৰি আহিছে পিয়ানো শিক্ষাৰ পাঠ্যক্ৰম । এনে এজাক সম্ভাৱনাময় প্ৰতিভাই বৃহস্পতিবাৰৰ নিশাটো গুৰু কুশলকৃষ্ণ দেৱগোস্বামীৰ তত্বাৱধানত মায়াময় কৰি তোলে শংকৰদেৱ কলাক্ষেত্ৰৰ সমগ্ৰ পৰিবেশ ।

এই বৰ্ষপূৰ্তি অনুষ্ঠানতে বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় অসমৰ তিনিগৰাকী উজ্জ্বল জ্যোতিষ্কক । তেওঁলোক হ'ল সংগীত শিল্পী দ্বীপেন বৰুৱা, জে পি দাস আৰু অসমীয়া ছবিজগতৰ পৰা আৰম্ভ কৰি হলিউডৰ ছবিলৈকে শব্দযন্ত্ৰী হিচাপে কাম কৰি অহা যতীন শৰ্মা ।

"পিয়ানো কিডছ" ত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ মঞ্চৰ ফালৰ পৰা আয়োজন কৰা এই বৰ্ষপূৰ্তিৰ অনুষ্ঠান ইমানেই মায়াময় হৈ উঠিছিল যে কোনো পূৰ্বনিৰ্দ্ধাৰিত কাৰ্যসূচী নোহোৱাকৈয়ে অতিথিৰ আসনৰ পৰা মঞ্চলৈ উঠি গৈ জে পি দাসে গুণগুণাই উঠিছিল তেওঁৰ প্ৰিয় সুহৃদ প্ৰয়াত চাৰু গোঁহাইৰ এটা গীতৰ কলি । কিয়নো কালিৰ দিনটো আছিল শিল্পী চাৰু গোঁহাইৰ মৃত্যু তিথি । গীটাৰ বজাই তেওঁক সহযোগ কৰিবলৈ মঞ্চলৈ উঠি গৈছিল যতীন শৰ্মা । গুৰু কুশলকৃষ্ণ দেৱগোস্বামীয়ে কীব'ৰ্ড পৰিৱেশন কৰি দিছিল জে পি দাসৰ সৈতে । অভিভূত হৈ পৰিছিল প্ৰেক্ষাগৃহৰ পূৰ্ণ দৰ্শক ।

ঠিক একেদৰে যেতিয়া শাৰী শাৰী পিয়ানোত গুঞ্জৰিত হৈছিল 'কোনে আজি আবেলি', তেতিয়া সেই মধুৰ সমলয় শেষ হোৱাৰ পিছত থিৰেৰে থাকিব পৰা নাছিল এই অমৰ গীতৰ শ্ৰষ্টা দ্বীপেন বৰুৱা । অতিথিৰ আসনত বহি থাকিয়েই মাইক্ৰ'ফন হাতত লৈ তেওঁৰ সেই চিৰপৰিচিত কন্ঠৰে গাই উঠিছিল 'কোনে আজি আবেলি' ।

মুঠতে বৃহস্পতিবাৰৰ নিশাটো এক মায়াময় পৰিবেশৰ সাক্ষী হৈ ৰল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ । ইফালে এই বৰ্ষপূৰ্তি অনুষ্ঠানত সমূহ শিক্ষাৰ্থীৰ অভিভাৱক সকলৰ ফালৰ পৰা উমাল সম্বৰ্ধনা জ্ঞাপন কৰা হয় গুৰু কুশলকৃষ্ণ দেৱগোস্বামীক ।

লগতে পঢ়ক :১১ এপ্ৰিলত গুৱাহাটীত কবি নীলমণিক সন্মান: প্ৰথমবাৰলৈ অসমত "জ্ঞানপীঠ"ৰ অনুষ্ঠান

ABOUT THE AUTHOR

...view details