অসম

assam

ETV Bharat / state

Deen Dayal Divyangjan Pension: পেঞ্চল মুকলি কৰি নিদিয়াত ক্ষোভ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ - Handicapped Welfare Association Assam

১৩ ডিচেম্বৰলৈকে মুকলি কৰি দিয়া নাই দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ ধন ৷ প্ৰতিমাহৰ ১০ তাৰিখে এই ধন মুকলি কৰা হয় যদিও এইবাৰ পলম হোৱাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে (Handicapped Welfare Association Assam)৷

Deen Dayal Divyangjan Pension
পেঞ্চল মুকলি কৰি নিদিয়াত ক্ষোভ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

By

Published : Dec 13, 2022, 7:54 PM IST

পেঞ্চল মুকলি কৰি নিদিয়াত ক্ষোভ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

গুৱাহাটী, ১৩ ডিচেম্বৰ: ৰাজ্যৰ দিব্যাংগসকলক প্ৰতিমাহৰ ১০ তাৰিখে প্ৰদান কৰি অহা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ (Deen Dayal Divyangjan Pension) ধন ১৩ ডিচেম্বৰলৈকে প্ৰদান নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ৷ সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে দীৰ্ঘসময় ধৰি চলা প্ৰতিবাদৰ অন্তত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ তৎপৰতাত ২০১৭ চনত উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুয়ে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিখন মুকলি কৰিছিল ৷

২০১৮ৰ মাৰ্চ মাহলৈ পাঁচ হাজাৰ ধাৰ্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সেই ধনৰাশি মাহিলী 1 হাজাৰ টকাকৈ 1 লাখ 60 হাজাৰ প্ৰতিবন্ধী লোকক দিয়াৰ প্ৰদান কৰে ৷ উল্লেখ্য যে বৰ্তমান চৰকাৰখন আহি ১ লাখ ৬০হাজাৰ লোকৰ ঠাইত ১ লাখ ৩০ হাজাৰগৰাকী লোকক প্ৰতিমাহৰ ১০ তাৰিখে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে (Divyangjan Pension in Assam)৷

কিন্তু পৰিতাপৰ বিষয় যে, প্ৰতিমাহৰ ১০ তাৰিখে পেঞ্চন দি আছিল যদিও চলিত মাহত সেই ধন মোকলাই নিদিয়াতো ৰহস্যজনক ৷ শাসনলৈ অহাৰ পাছৰে পৰা বৰ্তমানৰ চৰকাৰখনে প্ৰতিদিনে নতুন নতুন আঁচনি ঘোষণা কৰি আছে যদিও সেই একেখন চৰকাৰে দিব্যাংগসকলক মাত্ৰ ১ হাজাৰ কি ৰহস্যজনক কাৰনত দিয়া নাই সেয়া সাঁথৰ বুলি মন্তব্য কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকাৰে (Handicapped Welfare Association Assam)৷

গতিকে অহা তিনি দিনৰ ভিতৰত পেঞ্চনৰ ধনৰাশি দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷ অন্যথা প্ৰাপ্যৰ দাবীত যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিবলৈ প্ৰতিবন্ধীসকল বাধ্য থাকিব ৷ অন্যহাতে চতুৰ্থ বৰ্গৰ পদৰ নিৰ্বাচিত প্ৰাৰ্থীক স্বচ্ছ আৰু নিকা প্ৰদ্ধতিৰে নিযুক্তি দিবলৈ আহ্বান জনায় প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ৷

মালাকাৰে লগতে কয়, ২০১৮ৰ ৫ অক্টোবৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদ চলি থকাৰ সময়ত দিছপুৰৰ লাষ্টগেট আৰক্ষীয়ে প্ৰাপ্য অধিকাৰ বিচাৰি যাওতে অমানুষিক অত্যাচাৰ চলাইছিল ৷ ইয়াৰ পাছতে চৰকাৰে বাধ্য হৈ আলোচনা কৰি ২০১৮ৰ ৩১ ডিচেম্বৰত প্ৰতিবন্ধীসকলৰ বাবে বেকলগ হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৮৬৩ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰি ইয়াৰে তৃতীয় বৰ্গৰ পদসমূহত ২০১৯তে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰে ৷

বাকী থকা ৫১৩ টা চতুৰ্থ বৰ্গৰ পদৰ বাবে ২০২১ৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা নিযুক্তি পৰীক্ষা সম্পন্ন কৰে (4th grade recruitment Assam)৷ ২০২২ৰ ২৪ এপ্ৰিলত উক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে যদিও ন্যায়ালয়ত গোচৰ চলা বাবে চূড়ান্ত ফলাফল ৪ ডিচেম্বৰতহে ঘোষণা কৰে ৷

শেহতীয়া ফলাফল ঘোষণাৰ পাছত ৬ গৰাকী ব্যক্তিৰ নাম অবৈধভাৱে তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ প্ৰণিধানযোগ্য যে সমগ্ৰ প্ৰক্ৰিয়াটোত কিছু বিসংগতি হোৱা বুলি মালাকাৰে উল্লেখ কৰি কয়, মুকবধিৰ ব্যক্তি এগৰাকীয়ে অধিক নম্বৰ লাভ কৰাৰ পাছতো চূড়ান্ত তালিকাৰ পৰা বাদ পৰিবলগীয়া হৈছে ৷

গতিকে অভিযোগ উঠা ব্যক্তি ছগৰাকীৰ পদসমূহ সংৰক্ষণ কৰি তালিকাত অন্তৰ্ভুক্ত প্ৰকৃত প্ৰতিবন্ধীসকলক নিযুক্তি দিবলৈ চৰকাৰক আহ্বান জনায় ৷ মালাকাৰে লগতে এইধৰণৰ অভিযুক্তসকলৰ বাবে প্ৰকৃত প্ৰতিবন্ধীসকল যাতে বঞ্চিত নহয় আৰু ৫ অক্টোবৰৰ তেজৰ মূল্য যাতে অথলে নাযায় তাৰ প্ৰতি নজৰ ৰাখিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :100 years of ATI: অসম টেক্সটাইল ইনষ্টিটিউটৰ শতবৰ্ষৰ আয়োজন

ABOUT THE AUTHOR

...view details