গুৱাহাটী,১৪ অক্টোবৰ : সম্প্ৰতি অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাৰ এখন বিশেষ ফটোৱে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ফটোখনত এখন চাৰ্টাৰ্ড বিমানৰ ভিতৰত দেখা গৈছে ৰাজ্যিক সভাপতিগৰাকীক । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে গুৱাহাটীৰ পৰা শিলচৰলৈ এনেদৰে চাৰ্টাৰ্ড বিমানেৰে ৰাজ্যিক সভাপতিগৰাকীয়ে ভ্ৰমণ কৰাৰ মুহূৰ্তত তোলা হৈছে ফটোখন ।
যি সময়ত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিকলৈ সমগ্ৰ ৰাজ্যত উত্তাল পৰিৱেশে বিৰাজ কৰিছে, তেনে সময়তে সভাপতিগৰাকীৰ এই ফটোখন সামাজিক মাধ্যমত আৰু বেছি ভাইৰেল হৈ পৰিছে । কিয়নো কিছুদিন পূৰ্বে ভৱেশ কলিতাই পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ কৰা এক মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । তেওঁ ৰাইজক আহ্বান জনাইছিল যাতে সাধাৰণ কামতে লোকসকলে বাহনখন ব্যৱহাৰ নকৰে । লগতে বাইকত তিনিগৰাকীক একেলগে যোৱাৰো আহ্বান জনাইছিল সভাপতিগৰাকীয়ে । যি মন্তব্যক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সভাপতিগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদৰো সৃষ্টি হৈছিল ৷