অসম

assam

ETV Bharat / state

১ ছেপ্টেম্বৰত আজমলক এৰি ফণী যাব বিজেপিলৈ - সুশান্ত বৰগোহাঁই

প্ৰায় দুমাহ পূৰ্বে ইটিভি ভাৰতে পোহৰলৈ আনিছিল যে এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰ বিজেপিলৈ যাব । সেই কথাই এতিয়া সত্য প্ৰমাণিত হোৱাৰ দিশে । কিন্তু বদৰুদ্দিন আজমলৰ সংগ এৰি গেৰুৱা বসন কিয় পিন্ধিব ফণী তালুকদাৰে ?

Phani talukdar will leave AIUDF
১ ছেপ্টেম্বৰত আজমলক এৰি ফণী যাব বিজেপিলৈ

By

Published : Aug 20, 2021, 5:20 PM IST

গুৱাহাটী,২০ আগষ্ট :ভাৰতীয় দণ্ডবিধিৰ ৪৪৭, ৪২৭, ৩৭৯ আৰু ৩৪ ধাৰাত গুৱাহাটী মহানগৰীৰ একাধিক থানাত পঞ্জীয়ন হৈ আছে এজন বিধায়কৰ বিৰুদ্ধে কেইবাটাও গোচৰ । সেই গোচৰেই এতিয়া হৈ পৰিছে শাসক দল বিজেপিৰ বাবে মহাস্ত্ৰ সদৃশ । বিগত সময়ত, ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ পূৰ্বে বৰ্তমানৰ এজন বিধায়কৰ বিৰুদ্ধে মাটি বেদখল সম্পৰ্কীয় কেইবাটাও গোচৰ পঞ্জীয়ন হৈছিল ।

কিন্তু বিগত বিধানসভা নিৰ্বাচনত (Assembly election) এ আই ইউ ডি এফৰ (AIUDF) প্ৰাৰ্থী হিচাপে তেওঁ ভৱানীপুৰ সমষ্টিৰ পৰা বিধায়কৰূপে জয়ী হৈ আহে । নাম তেওঁৰ ফণী তালুকদাৰ (Phani Talukdar) । সেই ফণী তালুকদাৰেই ১ ছেপ্টেম্বৰত গেৰুৱা বসন পিন্ধিব ।

বদৰুদ্দিন আজমলৰ (Badaruddin Ajmal) সংগ এৰি বিজেপিত যোগ দিব বিধায়ক ফণী তালুকদাৰে । অৱশ্যে আনুষ্ঠানিকভাৱে গেৰুৱা হোৱাৰ পূৰ্বে ফণী তালুকদাৰে বিধায়ক পদ ত্যাগ কৰিব । ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰে যে এ আই ইউ ডি এফ এৰি বিজেপিত যোগ দিব সেই খবৰ প্ৰায় দুমাহ পূৰ্বেই ফাদিল কৰিছিল ই টিভি ভাৰতে । কিন্তু ৰাজ্যৰ ৰাজনীতিত এতিয়া লাখটকীয়া চৰ্চাটো হ'ল-কিহৰ‌ তাড়নাত এ আই ইউ ডি এফ এৰি বিজেপিত যোগ দিব খুজিছে ফণী তালুকদাৰে !

প্ৰাপ্ত তথ্য অনুসৰি বিধানসভাত এতিয়া যিকোনো প্ৰকাৰেই নহওক কিয় ৬৪ খন আসনেৰে একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হ'বলৈ উঠিপৰি লাগিছে বিজেপি । সুশান্ত বৰগোহাঁই বা ৰূপজ্যোতি কুৰ্মীৰ দৰে কংগ্ৰেছ বিধায়কক বিজেপিত যোগদান কৰোৱাই পুনৰ উপ নিৰ্বাচনত তেওঁলোকক বিজেপি প্ৰাৰ্থীৰূপে জয়ী কৰি আনি বিধানসভাত বিজেপি বিধায়কৰ সংখ্যা বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰি লৈছে গেৰুৱা দলটোৱে । ঠিক ৰূপজ্যোতি কুৰ্মী বা সুশান্ত বৰগোহাঁইৰ দৰেই টাৰ্গেট কৰা হৈছে ফণী তালুকদাৰক ।

কিন্তু ভৱানীপুৰৰ দৰে এটা সমষ্টিৰ পৰা এবাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ অহাৰ পিছত পুনৰ একেজন মানুহেই বিজেপিৰ প্ৰাৰ্থী হিচাপে যে জয়ী হৈ আহিব সেই নিশ্চয়তাও নাই । তৎস্বত্বেও কিন্তু ফণী তালুকদাৰে বিজেপিত যোগ দিব খুজিছে । নহ'লে গত্যন্তৰ নাই । কিয়নো পূৰ্বৰ সময়চোৱাত গুৱাহাটীৰ থানাই থানাই পঞ্জীয়ন হৈ থকা মাটি বেদখলৰ গোচৰৰ ফাইল পুনৰ মুকলি কৰিব ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক :ৰঙিয়াৰ বিনন্দ স্বৰ্গীয়াৰীলৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা

ABOUT THE AUTHOR

...view details