গুৱাহাটী, 13 অক্টোবৰ : পাঁচটা সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে ৩৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়নৰ আটাইকেইখনেই বৈধ বুলি নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে ৷ কিন্তু ভবানীপুৰৰ বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ মনোনয়ন বাতিল কৰিবলৈ আবেদন জনাইছে তৃণমূল কংগ্ৰেছে । তৃণমূল কংগ্ৰেছৰ দাবী-মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত ভুল তথ্য দিছে ফণী তালুকদাৰে ।
ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছে এক অভিযোগ দাখিল কৰিছে । অভিযোগ পত্ৰখনত উল্লেখ কৰা হৈছে যে, শপত নামাত বিজেপি প্ৰাৰ্থী গৰাকীয়ে তেওঁৰ ওপৰত নিৰ্ভৰশীল কোনো নাই ৷ কিন্তু ২০১৬ ৰ নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামাত তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যাৰ কথা উল্লেখ কৰা হৈছিল । ঠিক একেদৰে, শপতনামাত বৰপেটা আৰু বজালী জিলাত তেওঁৰ কোনো কৃষিভূমি নাই বুলি উল্লেখ কৰা হৈছে ।