অসম

assam

ETV Bharat / state

প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল'লে ফনীভূষণ চৌধুৰীয়ে

পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিবেশনৰ প্ৰ’টেম অধ্যক্ষ হিচাপে বুধবাৰে শপত ল’লে ফনীভূষণ চৌধুৰীয়ে ৷ শপত বাক্য পাঠ কৰায় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ প্ৰ’টেম অধ্যক্ষ ফনীভূষণ চৌধুৰীয়ে অহা ২১ মে'ত আন ১২৫ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব ৷

By

Published : May 19, 2021, 4:15 PM IST

প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল'লে ফনীভূষণ চৌধুৰীয়ে
প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল'লে ফনীভূষণ চৌধুৰীয়ে

গুৱাহাটী, ১৯ মে': অসম বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে বুধবাৰে শপত ল'লে বিধায়ক ফনীভূষণ চৌধুৰীয়ে। ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিবেশনৰ বাবে ইতিমধ্যে দিছপুৰত তৎপৰতা আৰম্ভ হৈছে । ২১ মে'ত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ প্ৰথম দিনাৰ সভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে আসনত থাকিব অগপৰ নেতা তথা বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফনীভূষণ চৌধুৰী ।

প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল'লে ফনীভূষণ চৌধুৰীয়ে

বুধবাৰে দিছপুৰৰ জনতা ভৱনৰ মুখ্য সচিবৰ কাৰ্যালয়ত ফনীভূষণ চৌধুৰীক প্ৰ’টেম অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰায় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই । উল্লেখ্য যে, ৰাজ্যপালৰ অনুপস্থিতিত ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি মুখ্য সচিবে শপত বাক্য পাঠ কৰায় । প্ৰ’টেম অধ্যক্ষ ফনীভূষণ চৌধুৰীয়ে অহা ২১ মে'ত আন ১২৫ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব।

উল্লেখযোগ্য যে, তাৰ পিছতে বিধানসভাৰ মজিয়াত বিধানসভাৰ অধ্যক্ষ গৰাকী নিৰ্বাচিত হ'ব বুলি জানিব পৰা গৈছে । বিধানসভাৰ অধ্যক্ষৰ আসনৰ বিপৰীতে পূৰ্বৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, বিশ্বজিৎ দৈমাৰী, ৰঞ্জিত দত্তকে ধৰি কেইবাগৰাকীও নেতাৰ নাম চৰ্চালৈ আহিছে যদিও ২১ মে'তহে সকলো স্পষ্ট হ'ব।

উল্লেখ্য যে, ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিবেশনত উপস্থিত থাকিব ৷ লগতে এইবাৰৰ বিধানসভাত অখিল গগৈকে ধৰি কেইবাগৰাকীকৈ নতুন প্ৰাৰ্থীয়ে প্ৰথমবাৰৰ বাবে শপত ল’ব ৷

লগতে পঢ়কঃ প্ৰতিষেধক লোৱাৰ পাচত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ল’বলগীয়া যতন

ABOUT THE AUTHOR

...view details