গুৱাহাটী, ২৭ ছেপ্টেম্বৰ: ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান । অসমতো অব্যাহত আছে ব্যাপক অভিযান । অসমত পুনৰ ২৫ জন পি এফ আই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে । সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলাকে ধৰি ২৫ জন PFI ৰ নেতা-সদস্য (PFI leaders arrested Across all Assam)।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নতুনকৈ গ্ৰেপ্তাৰ কৰা পি এফ আইৰ ২৫ জন সদস্যৰ ভিতৰত আছে কামৰূপ ৫ জন, গোৱালপাৰাৰ ১০ জন, কৰিমগঞ্জৰ এজন, ওদালগুৰিৰ এজন, দৰঙৰ এজন, ধুবুৰীৰ ৩ জন, বৰপেটাৰ দুজন আৰু বাক্সাৰ দুজন । আঠখন জিলাত চলোৱা অভিযানত পি এফ আইৰ ২৫ জন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হয় ।
উল্লেখ্য যে, বৃহস্পতিবাৰে দেশজুৰি চলিছিল পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (Popular Front of India) চমুকৈ PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ ইতিমধ্যে সংস্থা দুটাই দেশৰ কেইবাখনো ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে শতাধিক PFIৰ নেতা-সদস্য ৷ NIA আৰু ED য়ে অভিযান চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু পুডুচেৰী (PFI leaders arrested by NIA) ৷