অসম

assam

ETV Bharat / state

Assam Meghalaya conflict: নিৰাপত্তাৰ মাজেৰে অসমৰ পৰা মেঘালয়লৈ ইন্ধনৰ সৰবৰাহ - Petroleum Workers Union threatened to stop fuel

শ্বিলঙত অব্যাহত আছে যান-বাহনত অগ্নিসংযোগৰ ঘটনা(Assam Meghalaya conflict) । কটকটীয়া নিৰাপত্তাৰ মাজেৰে অসমৰ পৰা মেঘালয়লৈ ইন্ধন যোগান ৷

Etv Bharat
Etv Bharat

By

Published : Nov 25, 2022, 8:39 PM IST

গুৱাহাটী ,25 নৱেম্বৰ: মুক্ৰ’ৰ ঘটনাৰ চাৰিদিন উকলিল । এতিয়াও স্বাভাৱিক পৰিৱেশ ঘূৰি অহা নাই মেঘালয়লৈ । শ্বিলঙত অব্যাহত আছে যান-বাহনত অগ্নিসংযোগৰ ঘটনা । অসম মেঘালয় সীমান্তত অব্যাহত আছে চেপা উত্তেজনা(Tense situation in Meghalaya)। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’ল আৰু ডিজেল কঢ়িওৱা চালক আৰু কৰ্মচাৰীসকল আতংকিত হৈ পৰিছে ।

Assam Meghalaya conflict: মেঘালয়লৈ ইন্ধনৰ সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ পেট্ৰোলিয়াম মজদুৰ ইউনিয়নৰ

যাৰ বাবে অসম পেট্ৰোলিয়াম মজদুৰ ইউনিয়নে যোৱা 23 নৱেম্বৰত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’ল আৰু ডিজেল কঢ়িওৱা চালক আৰু কৰ্মচাৰীসকলক নিৰাপত্তা দিয়াৰ বাবে দাবী জনায় পত্ৰ প্ৰেৰণ কৰে । অন্যথা অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’ল আৰু ডিজেল কঢ়িওৱা বন্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰিছিল । তাৰ পাছতে 24 নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰৰ দিনটোত অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’ল আৰু ডিজেল কঢ়িওৱা চালক আৰু কৰ্মচাৰীসকলক নিৰাপত্তা দিয়াৰ কথা সদৰী কৰি অসম পেট্ৰোলিয়াম মজদুৰ ইউনিয়ন পত্ৰ প্ৰেৰণ কৰে ।

লগতে আজি মেঘালয়ৰ পেট্ৰোলিয়াম ডিলাৰছ এচোছিয়েশ্যনৰ তৰফৰ পৰা অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’ল আৰু ডিজেল কঢ়িওৱা চালক আৰু কৰ্মচাৰীসকলক নিৰাপত্তা দিয়াৰ কথা সদৰী কৰি অসম পেট্ৰোলিয়াম মজদুৰ ইউনিয়নলৈ পত্ৰ প্ৰেৰণ কৰিছে । অসম পেট্ৰোলিয়াম মজদুৰ ইউনিয়নৰ বিষয়ববীয়া ৰমেন দাসে জানিবলৈ দিয়ে যে , আজি অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’ল আৰু ডিজেল কঢ়িওৱা চালক আৰু কৰ্মচাৰীসকলক নিৰাপত্তা প্ৰদান কৰা হৈছে ৷

Assam Meghalaya conflict: মেঘালয়লৈ ইন্ধনৰ সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ পেট্ৰোলিয়াম মজদুৰ ইউনিয়নৰ

নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজেৰে অসমৰ পৰা মেঘালয়লৈ ট্ৰাকেৰে পেট্ৰ’ল আৰু ডিজেল কঢ়িওৱা হৈছে বুলি জানিবলৈ পৰা গৈছে । পৰৱৰ্তী সময়ত জীৱনৰ প্ৰতি ভাবুকি আহিলে অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’ল আৰু ডিজেলৰ সৰবৰাহ বন্ধ কৰি দিয়া হব বুলি উল্লেখ কৰে ৰমেন দাসে ৷ মন কৰিবলগীয়া যে মেঘালয়ত এতিয়াও স্বাভাৱিক পৰিৱেশ ঘূৰি নহাৰ পৰিপ্ৰেক্ষিতত অসমৰ সকলো বাহন মেঘালয়ত প্রৱেশ কৰিবলৈ দিয়া হোৱা নাই ।

এনে অৱস্থাত শীঘ্ৰেই দুয়োখন চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে অহা মঙলবাৰৰ পৰা বাহন চলাচল বন্ধ ৰখাৰ হুংকাৰ দিছে অসম আৰু মেঘালয়ৰ কেব চালক আৰু মালিকসকলে । উল্লেখনীয় যে, লাচিত দিৱসৰ দিল্লীৰ কাৰ্যসূচীত ব্যস্ত থকা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো কেবিনেট মন্ত্ৰী পৰিস্থিতি নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে । কোনো এজন মন্ত্ৰী এতিয়ালৈ ঘটনাস্থলীলৈ পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা নাই ।


লগতে পঢ়ক:Rama Kanta Dewri controversy: গোচৰ ৰুজু কৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক ৰমাকান্ত দেউৰীৰ

ABOUT THE AUTHOR

...view details