অসম

assam

ETV Bharat / state

গুৱাহাটীত পেট্ৰ'লে কোবালে চেঞ্চুৰী - কিছুদিন পাছত ডিজেলেও চেঞ্চুৰী মাৰিব

দেওবাৰৰ দিনটোত গুৱাহাটীত এক লিটাৰ পেট্ৰ'লৰ দাম হ'লগৈ ১০০.০৭ টকা । প্ৰিমিয়াম পেট্ৰ'লৰ মূল্যই ইতিমধ্যেই ১০০ৰ ঘৰ অতিক্ৰম কৰিছে । প্ৰতি লিটাৰ ডিজেলৰ দাম ৯২.৪২ টকা ।

petrol price
গুৱাহাটীত পেট্ৰ'লে মাৰিলে চেঞ্চুৰী

By

Published : Oct 10, 2021, 12:23 PM IST

গুৱাহাটী, ১০ অক্টোবৰ :অৱশেষত গুৱাহাটী মহানগৰীতো পেট্ৰ'লৰ মূল্যই কোবালে মাৰিলে । দেওবাৰৰ দিনটোত গুৱাহাটীত এক লিটাৰ পেট্ৰ'লৰ দাম হ'লগৈ ১০০.০৭ টকা । প্ৰিমিয়াম পেট্ৰ'লৰ মূল্যই ইতিমধ্যেই ১০০ৰ ঘৰ অতিক্ৰম কৰিছে ।

দেওবাৰৰ দিনটোত গুৱাহাটীত প্ৰিমিয়াম পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০৪.১২ টকা হয় । উল্লেখ্য যে, শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম আছিল ৯৯.২১ টকা । দেওবাৰে চেঞ্চুৰী মাৰি ১০০.০৭ টকা হ'ল পেট্ৰ’ল ।

গুৱাহাটীত পেট্ৰ'লে মাৰিলে চেঞ্চুৰী

বিগত দিনকেইটাত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰ'লৰ মূল্য । ইফালে গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম ৯২.৪২ টকা । হয়টো এনেদৰে মূল্যবৃদ্ধি হৈ থাকিলে কিছুদিন পাছত ডিজেলেও চেঞ্চুৰী মাৰিব ।

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ ৰন্ধন গেছৰো মূল্য অভাৱনীয় হাৰত বৃদ্ধি হৈছে । শেহতীয়াকৈ ঘৰুৱা ৰন্ধন গেছৰ একোটা ছিলিণ্ডাৰৰ মূল্য ১৫ টকাকৈ বৃদ্ধি কৰা হৈছে । ইফালে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিত যে ইন্ধন যোগাব সেয়া নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক :আটক হ’ল মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ হেঁচা প্ৰয়োগ কৰা শৰৎ দাস

ABOUT THE AUTHOR

...view details