অসম

assam

ETV Bharat / state

সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল ! - বেলতলা RRND চাৰ্ভিছ ষ্টেশ্যন

সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিব মহানগৰীৰ সকলো তেল ডিপো ৷ ডিপোৰ মালিক আৰু তেল বিক্ৰেতা প্ৰতিষ্ঠানৰ মাজত হোৱা সংঘাতৰ পৰিণতিত মহানগৰবাসীয়ে সোমবাৰৰ পৰা ক্ৰয় কৰিব নোৱাৰিব পেট্ৰ'ল, ডিজেল ৷

Petrol, diesel will not be available at Guwahati from monday!
সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল !

By

Published : Sep 5, 2020, 8:05 AM IST

Updated : Sep 5, 2020, 3:00 PM IST

গুৱাহাটী, 5 চেপ্তেম্বৰ: সোমবাৰে পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প। নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ'চিয়েশ্ব্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই কৰিলে এই ঘোষণা ৷ তেল বিক্ৰেতা প্ৰতিষ্ঠান "ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড" চমুকৈ BPCL য়ে পেট্ৰল পাম্পৰ এগৰাকী স্বতাধিকাৰীক মানসিক ভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি এই সিদ্ধান্ত গ্ৰহণ কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ'চিয়েশ্ব্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই ৷ বেলতলা RRND চাৰ্ভিছ ষ্টেশ্যনৰ স্বত্বাধিকাৰী ইলোৰা দেৱীক তেল বিক্ৰেতা প্ৰতিষ্ঠানটোৱে এখন চুক্তি স্বাক্ষৰৰ নামত মানসিক হাৰাশাস্তি চলোৱাৰ অভিযোগ তুলিলে এছ'চিয়েশ্ব্যনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে ৷

উল্লেখ্য যে, কৰ'ণাৰ ভয়াৱহতাৰ মাজতে ভুক্তভোগী স্বতাধিকাৰী গৰাকীক 2014 চনৰে এখন চুক্তি বাতিল কৰি পুনৰ আন এখন চুক্তিত স্বাক্ষৰ কৰাৰ বাবে "ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডে" দি আহিছে হেঁচা ৷ কেৱল ইমানেই নহয়, সম্পূৰ্ণ বে-আইনী ভাৱে এখন দলিলত পূৰ্বৰ দিনাংকৰত স্বাক্ষৰ কৰি 2010 চনতে চুক্তি স্বাক্ষৰ হোৱা বুলি দেখুৱাবলৈ তেল বিক্ৰেতা প্ৰতিষ্ঠানটোৱে হেঁচা দিয়াৰ অভিযোগ উঠিছে ৷ লগতে চুক্তিখন স্বাক্ষৰ নকৰিলে ডিপোটোক তেল যোগান বন্ধ কৰি দিয়া হ'ব বুলি জনালে প্ৰতিষ্ঠানটোৱে ৷

সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল !

আনহাতে, পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰী আৰু তেওঁৰ স্বামী কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত চুক্তিখন স্বাক্ষৰ কৰিবলৈ অপাৰগ হয় ৷ ইফালে, ডিলাৰটোক যোৱা 31 আগষ্টৰ পৰা তেল দিয়া বন্ধ কৰি দিলে তেল বিক্ৰেতা প্ৰতিষ্ঠানটোৱে ৷

এনে এক ভয়াৱহ দুৰ্যোগৰ মাজতে ক'ভিড পজিটিভ এই দম্পতীক মানসিক ভাৱে হাৰাশাস্তি কৰাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ'চিয়েশ্ব্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই ৷ আগন্তুক সোমবাৰৰ পূৰ্বেই ভুক্তভোগী মহিলা স্বত্বাধিকাৰী ইলোৰা দেৱীৰ মালিকাধীন ডিপোটোত তেল যোগান নধৰিলে সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ গুৱাহাটীৰ সকলো পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে গ্ৰেটাৰ গুৱাহাটী শাখাই ৷

লগতে পঢ়কঃ উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ চতুৰ্দশ সংখ্যক অধিবেশন

Last Updated : Sep 5, 2020, 3:00 PM IST

ABOUT THE AUTHOR

...view details