অসম

assam

ETV Bharat / state

মাছখোৱাস্থিত এলাহাবাদ বেংক খুলিবলৈ অনুমতি প্ৰদান জিলা উপায়ুক্তৰ - ফাঁচী বজাৰ

গুৱাহাটী, ১৮ মে ': মাছখোৱাস্থিত এলাহাবাদ বেংক খুলিবলৈ অনুমতি প্ৰদান জিলা উপায়ুক্তৰ । বেংকখনৰ সকলো কৰ্মচাৰীৰ COVID-19 ৰ টেষ্টৰ ফলাফল নেগেটিভ । যাৰ বাবে বেংক কৰ্তৃপক্ষই ভালকৈ বেংক ছেনিটাইজ কৰি খুলিব পাৰিব পাৰিব বুলি সোমবাৰে অনুমতি প্ৰদান কৰে কামৰূপ মহানহৰ জিলা উপযুক্তই ।

কৰ'ণা ভাইৰছ
মাছখোৱাস্থিত এলাহাবাদ বেংক খুলিবলৈ অনুমতি প্ৰদান জিলা উপায়ুক্তৰ

By

Published : May 18, 2020, 10:12 PM IST

গুৱাহাটী, ১৮ মে ': মহানগৰীৰ মাছখোৱাস্থিত এলাহাবাদ বেংকত কর্মৰত কৰ্মচাৰী সকলৰ COVID-19 ৰ টেষ্টৰ ফলাফল নেগেটিভ অহাত কামৰূপ মহানগৰ জিলা উপায়ুক্তই বেংকটো পুনৰ মুকলি কৰাৰ বাবে অনুমতি প্ৰদান কৰে । উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত ১৬ গৰাকীকৈ লোক কৰ'ণা ভাইৰাছত আক্রান্ত হোৱা পিছত সম্পূৰ্ণ ফাঁচী বজাৰখন জিলা প্ৰশাসনে ছীল কৰি কণ্টাইনমেণ্ট জ'ন হিচাপে ঘোষনা কৰাৰ পিছত ১৫ মে'ত জিলা প্ৰশাসনে ছীল কৰিছিল মাছখোৱাস্থিত এলাহাবাদ বেংক ।

মাছখোৱাস্থিত এলাহাবাদ বেংক খুলিবলৈ অনুমতি প্ৰদান জিলা উপায়ুক্তৰ

ফাঁচী বজাৰৰ কৰ'ণা ভাইৰছত আক্রান্ত এজন লোক মাছখোৱাস্থিত এলাহাবাদ বেংকলৈ লেন-দেনৰ বাবে অহাৰ তথ্য লাভ কৰাৰ পিছতে জিলা প্ৰশাসনে তৎপৰতা দেখুৱাই ছীল কৰি দিছিল এলাহাবাদ বেংক। প্ৰশাসনে বেংকটোত কৰ্মৰত কৰ্মচাৰী সকলক হোম কোৱেৰেইণ্টাইনলৈ প্ৰেৰণ কৰি বেংক কৰ্মচাৰী সকলৰ স্বাবৰ নমুনাও সংগ্ৰহ কৰিছিল। অৱশেষত এলাহাবাদ বেংকৰ কৰ্মচাৰী সকলৰ ফলাফল নেগেটিভ আহত জিলা প্ৰশাসনে বেংকটো পুনৰ ৰাইজৰ বাবে মুকলি কৰাৰ অনুমতি প্ৰদান কৰে।

মাছখোৱাস্থিত এলাহাবাদ বেংক খুলিবলৈ অনুমতি প্ৰদান জিলা উপায়ুক্তৰ

কামৰূপ মহানগৰ জিলা উপায়ুক্তই এলাহাবাদ বেংকটো ভালকৈ ছেনিটাইজ কৰি খুলিলৈ বেংক কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । উল্লেখ্য যে, মংৰু সহানী নামৰ এজন লোকৰ সংস্পৰ্শলৈ অহাৰ পিছত ফাঁচী বজাৰৰ ১৫ গৰাকীকৈ লোক কৰ'ণা ভাইৰাছত আক্রান্ত হৈছিল। ফাঁচী বজাৰৰ এজন ব্যৱসায়ীয়ে লেন দেনৰ বাবে মাছখোৱাস্থিত এলাহাবাদ বেংকলৈ আহিছিল।

ABOUT THE AUTHOR

...view details