গুৱাহাটী, ২০ জানুৱাৰী :সংসদত অসমৰ সমস্যাসমূহ উত্থাপন কৰি সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবে ৰাইজেনিৰ্বাচন কৰি পঠিওৱা জনপ্ৰতিনিধিসকল সদনত কিমান সৰৱ ? সাধাৰণতে এই প্ৰশ্নৰ উত্তৰ সকলোৱে জানিব বিচাৰে । অসমৰ সাংসদসকলৰ বেলিকা এই প্ৰশ্নৰ উত্তৰ বিশেষ সন্তোষজনক নহয় । কাৰণ অসমৰ বেছিসংখ্যক সাংসদেই সদনত নীৰৱ হৈ থাকে ।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনলৈ মাজত এটা বছৰ আছে । ২০২৪ চনৰ অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন (Lok Sabha Election 2024) । ইতিমধ্যে শাসকীয় বিজেপি দলে একেৰাহে তৃতীয়বাৰৰ বাবে শাসনৰ গাদী দখলৰ লক্ষ্যৰে এতিয়াৰে পৰাই কুচকাৱাজ আৰম্ভ কৰিছে । এনে সময়তে বিগত প্ৰায় চাৰি বছৰে সংসদৰ মজিয়াত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নৰ বাবে কি ভূমিকা পালন কৰিলে সেয়া এক প্ৰশ্নৰ বিষয় ।
বিগত সময়ত সংসদৰ মজিয়াত অসমৰ পৰা নিৰ্বাচিত হৈ যোৱা মাত্ৰ কেইজনমান সাংসদেহে মাত মতা পৰিলক্ষিত হ’ল । ইয়াৰ বিপৰীতে প্ৰদান বৰুৱাৰ দৰে সাংসদে বিগত চাৰি বছৰত ৰাইজৰ কথা ক’বলৈ বিশেষ সময়েই উলিয়াব নোৱাৰিলে । সপ্তদশ লোক সভাত সাংসদ বৰুৱাই এতিয়ালৈকে এটাও বিতর্কত অংশ লোৱা নাই ।
মৌলানা বদৰুদ্দিন আজমল: কেইবাবাৰো সাংসদ হিচাপে নিৰ্বাচিত হোৱা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ সংসদৰ অধিৱেশনৰ সময়ছোৱাত উপস্থিতিৰ হাৰ হৈছে মাত্ৰ ৪৮ শতাংশ । ইফালে সপ্তদশ লোক সভাত উপস্থিতিৰ হাৰ কম হ’লেও ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ২১ টা বিতর্কত অংশ লৈছে আৰু ১৯১ টা প্ৰশ্ন উত্থাপন কৰিছে ।
লগতে পঢ়ক :AIUDF Congress Alliance: আমাৰ লগত হাত নিমিলালে কংগ্ৰেছ শূন্যত থাকিব: আজমল
প্ৰদান বৰুৱা: তথ্য অনুসৰি, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই শপত লোৱাৰ পাচত বিগত চাৰি বছৰত এটাও বিতর্কত অংশ লোৱা নাই । এই সময়ছোৱাত তেওঁ মাত্ৰ ১৫ টা প্ৰশ্নহে উত্থাপন কৰিছে । ইয়াৰ বিপৰীতে প্ৰশ্ন সোধাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ১৫৬ টা আৰু বিতৰ্কৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ৩৯.৭ টা । লক্ষণীয় বিষয় যে, সংসদত বিতৰ্কত অংশ লোৱা বা প্ৰশ্ন নুসুধিলেও প্ৰদান বৰুৱাৰ উপস্থিতিৰ হাৰ হৈছে ৮০ শতাংশ ।
হৰেনছিং বে’: প্ৰদান বৰুৱাৰ পাচতে এই ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিছে স্বায়ত্তশাসিত জিলাৰ সাংসদ হৰেণচিং বে'ই । সাংসদ হোৱাৰ পাচত এতিয়ালৈকে বে’ই তিনিটা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন সুধিছে মাত্ৰ ৬ টা । সংসদত তেওঁৰ উপস্থিতিৰ হাৰ হৈছে ৭৩ শতাংশ ।
তপন গগৈ: যোৰহাটৰ সাংসদ তপন গগৈয়েও বিগত সময়ছোৱাত মাত্ৰ ৬ টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন সুধিছে মাত্ৰ ৭ টাহে । গগৈৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ৭৮ শতাংশ ।
ডাঃ ৰাজদ্বীপ ৰয়: শিলচৰৰ বিজেপিৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ো বিৰোধী দলৰ সাংসদসকলতকৈ এইক্ষেত্ৰত বহু পিছ পৰি আছে । ৰয়ে এতিয়ালৈকে ৩৩ টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন উত্থাপন কৰিছে ৩১ টা । তেওঁৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ৮৬ শতাংশ ৷
পল্লৱ লোচন দাস: সংসদত ৮০ শতাংশ উপস্থিত থকা তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে বিগত সময়ছোৱাত ১৪ টা বিতৰ্কত অংশ লৈছে আৰু ১০৪ টা প্ৰশ্ন সুধিছে ।