অসম

assam

By

Published : Dec 10, 2019, 3:04 PM IST

ETV Bharat / state

নেছ’ৰ 11 ঘন্টীয়া বন্ধঃ ব্যাপক সমৰ্থন ৰাইজৰ

ৰাজ্যজুৰি নেছ’ৰ 11 ঘন্টীয়া বন্ধক সমৰ্থন ৰাইজ তথা দল সংগঠনৰ ৷ জোনাই,দক্ষিণ কামৰূপ,গুৱাহাটী,ডিফু,দক্ষিণ শালমাৰাকে ধৰি ধিং আৰু শিলচৰতো দেখা গ’ল বন্ধৰ প্ৰভাৱ ৷

people's support on NESO's 11 hours bandh
নেছ’ৰ 11 ঘন্টীয়া বন্ধঃ ব্যাপক সমৰ্থন ৰাইজৰ

জোনাই, 10 ডিচেম্বৰঃ সম্প্ৰতি কেবক লৈ অগ্নিগৰ্ভা পৰিস্থিতি ৰাজ্যত ৷ অনাগত দিনত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জোনাই মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জোনাই আৰক্ষী থানাত এক শান্তি সভা অনুষ্ঠিত কৰা হয ৷ জোনাই মহকুমা আৰক্ষী বিষয়াৰ অধ্যক্ষতাত অনুষ্ঠিত শান্তি সভাখনত উপস্থিত থাকে জোনাই মহকুমা প্ৰশাসনৰ তৰফৰ ন্যায়িক দণ্ডাধীশ জে কে ৰাজবংশী,বিজেপি নেত্ৰী যুৱতী পেগু,জ্যেষ্ঠ নাগৰিক ৰাখেশ্বৰ পায়েং,মুৰ্কংচেলেক কলেজৰ অধ্যক্ষ জয় কুমাৰ দলে,জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু,ডাঃ জীৱন দলে,জোনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীম কান্ত পেগু ৷

জোনাই আৰক্ষী থানাত শান্তি সভা

দক্ষিণ কামৰূপঃদক্ষিণ কামৰূপৰ ভিন্ন ঠাইতো দেখা গৈছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ বন্ধৰ ফলত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবদ্ধ হৈ পৰিছে শ শ যাত্ৰী । নিশাৰে পৰা বিমানবন্দৰত ভিৰ কৰিছে বহু যাত্ৰীয়ে। একেদৰে বহিঃৰাজ্যৰ পৰা অহা বিমানযাত্ৰীও আবদ্ধ হৈ থাকিবলগীয়া হৈছে বিমানবন্দৰতে ৷ বিমানবন্দৰৰ পৰা যোৱা যাত্ৰীক আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰে লৈ পাৰ কৰি দিয়া হৈছে এলেকা। আনহাতে,বন্ধৰ সুযোগ গ্ৰহণ কৰি একাংশই চলাই গৈছে নিজৰ ব্যৱসায় ৷ এম্বুলেঞ্চৰ যোগেৰে বিভিন্ন যাত্ৰীক অনা নিয়া কৰিছে এম্বুলেঞ্চ চালকে।

বৰঝাৰ বিমানবন্দৰত আটক যাত্ৰী

গুৱাহাটীঃ গুৱাহাটী মহানগৰীতো বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে ৷ আনহাতে বন্ধৰ মাজতে মহানগৰীৰ ঠায়ে ঠায়ে সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা ৷ মহানগৰীৰ ফটাশিলত বন্ধ সমৰ্থকে ভাঙিলে ASTC বাছৰ গ্লাছ। পশ্চিম বৰাগাঁৱত অনুষ্ঠিত শ্বহীদ দিৱসৰ অনুষ্ঠানত অংশ ল'বলৈ বাছখনত আহিছিল যাত্ৰীসকল ৷

ফটাশিলত বন্ধ সমৰ্থকে ভাঙিলে ASTC বাছ

ডিফুঃডিফুতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে একাংশ প্ৰতিবাদকাৰীয়ে ৷ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীৰ দলে ৷

ডিফুত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাতো নেছ’ৰ বন্ধৰ প্ৰভাৱ ৷ দক্ষিণ শালমাৰাৰ সদৰ হাটশিঙিমাৰীৰ লগতে মানকাচৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সমূহত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাৰ লগতে যান-বাহনৰ চলাচল আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ বন্ধ থাকে ৷ খাৰুৱাবান্ধাকে ধৰি বিভিন্ন ঠাইত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনৰ কৰ্মীয়ে ৷

দক্ষিণ শালমাৰা মানকাচৰত বন্ধৰ প্ৰভাৱ

ধিংঃ ধিং,বটদ্ৰৱাটো দেখা গৈছে বন্ধৰ প্ৰভাৱ ৷ ধিং-বটদ্ৰৱা ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থা,অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

ধিং,বটদ্ৰৱাটো বন্ধৰ প্ৰভাৱ

শিলচৰতঃ ব্ৰহ্মপুত্ৰৰ লগতে বৰাকতো অঞ্চলভেদে দেখা গৈছে বন্ধৰ প্ৰভাৱ ৷ শিলচৰৰ টাউন এলেকত বন্ধৰ প্ৰভাৱ নাই যদিও গ্ৰামাঞ্চলত দেখা গৈছে কিছু প্ৰভাৱ৷

শিলচৰত প্ৰতিবাদ

লগতে পঢ়ক- লখিমপুৰত আছুৰ ৰক্ত সংকল্প

ABOUT THE AUTHOR

...view details