গুৱাহাটী,29 ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামৰ আৰম্ভ হোৱাৰ বাবে আশা কৰা হৈছিল যে ৰাজ্যৰ বৈধ ভাৰতীয় নাগৰিকে দীৰ্ঘদিনে বহন কৰি অহা অবৈধ নাগৰিকৰ বোজাৰ পৰা সকাহ পাব ৷ লগতে সমাপ্ত পৰিব ডি ভোটাৰ জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া । কিন্তু বাস্তৱ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পোৱাৰ পিছতো অব্যাহত আছে ডি ভোটাৰ জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া । আনকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত হোৱা লোকসকলোকো প্ৰেৰণ কৰা হৈছে ডি ভোটাৰৰ জাননী । জানিব পৰা মতে,বঙাইগাঁও জিলাৰ ঝাৰাগুৰিৰ নৱমীবালা আৰ্য আৰু কল্পনাবালা আৰ্য নামৰ দুগৰাকী মহিলাৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ পিছতো মহিলা দুগৰাকীলৈ প্ৰেৰণ কৰা হয় ডি ভোটাৰৰ জাননী । ২০০৯ চনত মহিলা দুগৰাকীৰ নামত ডি ভোটাৰৰ জাননী জাৰি কৰা হৈছিল যদিয়ো মহিলা দুগৰাকীয়ে ভাৰতীয় নাগৰিকৰ নথি-পত্ৰ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰে ।
উক্ত ঘটনাৰ কিছুদিন পিছত অৰ্থাৎ ২০০৯ চনৰ ডি ভোটাৰৰ জাননী মহিলা দুগৰাকীৰ ঠিকনাত কিছুদিন পূৰ্বে প্ৰেৰণ কৰে । শনিবাৰে ছাৰা অসম বাঙালী ঐক্যমঞ্চই এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে ৷ বঙাইগাঁও জিলাৰ লগতে কেইবাখনো জিলাত বহুসংখ্যক বাঙালী লোকৰ নাম ৰাষ্ট্রীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত হোৱাৰ পিছতো ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰা হৈছে । মঞ্চৰ সাধাৰণ সম্পাদক অমৃত লাল দাসে ডি ভোটাৰৰ জাননী লাভ কৰা লোকৰ নাম কেনেকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে । যদিহে এগৰাকী ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হৈছে তেন্তে কি যুক্তিত ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰা হৈছে বুলিয়ো প্ৰশ্ন উত্থাপন কৰে কৰে সম্পাদকগৰাকীয়ে ।