অসম

assam

ETV Bharat / state

কৰ’ণাক পৰাজিত কৰিবলৈ সষ্টম বিশ্ববাসী - কৰ’ণা ভাইৰাছ

কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক বৰ্তমানলৈকে চিকিৎসা বিজ্ঞানৰ হাতত উপলব্ধ নাই যদিয়ো মানৱ সমাজে দৃঢ়তাৰে যুঁজি আছে এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে । মানৱ সমাজ প্ৰতিজ্ঞাবদ্ধ, কোনো কাৰণতে হাৰ নামানে কৰ’ণাৰ লগত । প্ৰতিষেধক নাই যদিয়ো সুৰক্ষামুলক ব্যৱস্থাৰে বিশ্ববাসীয়ে চলাই গৈছে এই যুঁজ ।

people ready fight against corona virus guwahati kamrup metro assam etv bharat news
সজাগতাৰ আহ্বান

By

Published : Mar 20, 2020, 11:22 AM IST

গুৱাহাটী,20 মাৰ্চঃ চীনত প্ৰাদুৰ্ভাৱ ঘটা কোভিদ 19 অথবা কৰ'ণা ভাইৰাছ এতিয়া সমগ্ৰ বিশ্বৰ বাবে ত্ৰাসৰ কাৰণ । প্ৰতিদিনে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । বিশ্বৰ 165 খন দেশত কোভিদ 19 ত আক্রান্ত হোৱা লোকৰ সংখ্যাই প্ৰায় ডেৰ লক্ষাধিক অতিক্ৰম কৰিছে । মৃত্যু ঘটিছে সাত হাজাৰতকৈয়ো অধিক লোকৰ । বৰ্তমান সমগ্ৰ বিশ্বতে ভাইৰাছবিধক কেন্দ্ৰ কৰি এক যুদ্ধসম পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চিকিৎসা বিজ্ঞানৰ হাতত বৰ্তমানলৈকে নাই কোনো প্ৰতিষেধক । একমাত্ৰ সুৰক্ষামুলক ব্যৱস্থা হাতত ৰাখি বিশ্ববাসীয়ে চলাই গৈছে ভাইৰাছবিধৰ বিৰুদ্ধে যুদ্ধ । ফলত কিছু পৰিমাণে সফলতা লাভ কৰা দেখা গৈছে একাংশৰ ক্ষেত্ৰত ৷ বিশ্বব্যাপী এই মাৰাত্মক ভাইৰাছবিধক পৰাজিত কৰিবলৈ প্ৰতিষেধক প্ৰয়োজনীয় যদিয়ো চিকিৎসা বিজ্ঞানে প্ৰতিষেধক লাভ নকৰা পৰ্যন্ত সকলোৱে গ্ৰহণ কৰিব লাগিব কিছু সুৰক্ষামুলক ব্যৱস্থা ।

সজাগতাৰ আহ্বান

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ'য়ে মহামাৰী হিচাপে ঘোষণা কৰিছে কোভিদ 19 ক ৷ চীনৰ পিছতে কৰ'ণা ভাইৰাছত সবাতোকৈ অধিক লোক আক্রান্ত হোৱা দেশ হৈছে ইটালী । চীনত এই মাৰাত্মক ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা তিনি হাজাৰতকৈ অধিক হোৱাৰ বিপৰীতে ইটালীত এই সংখ্যাই 2500 অতিক্ৰম কৰিছে । প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ শক্তিশালী দেশ হিচাপে পৰিচিত চীন কোভিদ 19 ৰ ষ্টেজ ফ'ৰত আৰু ইটালী ষ্টেজ থ্ৰিত থকাৰ পৰিৱৰ্তে ভাৰতত এই ভাইৰাছ বৰ্তমানলৈকে আছে ষ্টেজ টু-ত । অৰ্থাৎ বিদেশৰ পৰা অহা লোকৰ পৰা এই ভাইৰাছ ভাৰতত সংক্ৰমিত হৈছে । চীন অথবা ইটালীৰ নিচিনা পৰিৱেশ যাতে ভাৰতত সৃষ্টি নহয় তাৰবাবে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ গতিৰোধত ভাৰত যিকোনো প্ৰকাৰে বিজয় হ'ব লাগিব ।

কৰ’ণা ভাইৰাছক লৈ সষ্টম সকলো

লগতে চাওকঃগুজৰাটত পোহৰলৈ আহিল তৃতীয়টো কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা

ABOUT THE AUTHOR

...view details