মৰিগাঁও, 2 মে':লক্ ডাউনৰ বাবে গুজৰাটত আবদ্ধ হৈ আছে অসমৰ ভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থে যোৱা 170 গৰাকীতকৈয়ো অধিক ছাত্ৰ-ছাত্ৰী । আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'যোগে অসমলৈ তেওঁলোকক উভতাই নিবলৈ চৰকাৰক অনুৰোধ জনাইছে । এই ক্ষেত্ৰত অসম চৰকাৰেও তেওঁলোকক আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।
বহিঃৰাজ্যত আবদ্ধ ছাত্ৰ-ছাত্ৰীৰ চৰকাৰলৈ অনুৰোধ
বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে স্ব ৰাজ্যলৈ উভতি আহিবলৈ, কোনো ব্যৱস্থা কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায় ।
people from Assam stucked in other state