অসম

assam

ETV Bharat / state

অসমত বিজেপিয়েই থাকিব ক্ষমতাত: সোণোৱাল - নাগৰিকত্ব সংশোধনী আইন

অসম বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ উথপথপ হৈ আছে ৰাজ্য ৷ শক্তিশালী স্থিতিত ভাৰতীয় জনতা পাৰ্টী ৷

people-blessed-us-bjp-to-retain-power-in-assam-sonowal
মানুহে আমাক আশীৰ্বাদ দিছে, অসমত বিজেপিয়েই থাকিব ক্ষমতাত : সোণোৱাল

By

Published : May 2, 2021, 4:52 PM IST

নেশ্যনেল ডেস্ক,2 মে’: বহু হাইভল্টেজ নিৰ্বাচনী জনসভা আৰু তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত দেওবাৰে ঘোষণা কৰা হৈছে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল । 2016 চনৰ নিৰ্বাচনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ সমাপ্তি ঘটাই লাভ কৰা বিজেপিৰ বৃহৎ বিজয়ৰ পিছত এতিয়া দ্বিতীয়তো কাৰ্যকালৰ বাবে আশাবাদী হৈ পৰিছে মুখ্যমন্ত্ৰী সোণোৱালে ৷ 2016 চনত অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত ৮৬ খন আসনতেই জয় লাভ কৰিছিল বিজেপি দলে ।

এইবেলি নিৰ্বাচনত বিজেপিৰ মুখ্য প্ৰতিযোগিতা হৈছে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সৈতে । লক্ষণীয়ভাৱে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ সৈতে আছে অসম গণ পৰিষদ (অগপ) আৰু ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল (ইউপিপিএল) দল ৷ আনহাতে, কংগ্ৰেছে মহাজোঁটে তৈয়াৰ কৰিছিল এক বিশাল মিত্ৰ শিবিৰ, য’ত আছে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট (এআইইউডিএফ), ভাৰতীয় কমিউনিষ্ট পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী), ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী-লেনিনবাদী) লিবাৰেচন, আঞ্চলিক গণ মৰ্চা (এজিএম) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)।

মানুহে আমাক আশীৰ্বাদ দিছে, অসমত বিজেপিয়েই থাকিব ক্ষমতাত : সোণোৱাল

ইফালে, কাৰাবন্দী নেতা অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু আনটো নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদেও মিত্ৰতা স্থাপন কৰিছিল । এই নিৰ্বাচনত বিজেপি দল অৱতীৰ্ণ হৈছে, বিগত পাঁচ বছৰত ৰাজ্যত সোণোৱাল চৰকাৰৰ প্ৰদৰ্শন, কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ আৰু দেশজুৰি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি ।

তিনিটা পৰ্যায়ত বিজেপি আৰু কংগ্ৰেছ নেতৃত্বাধীন শিবিৰ দুটাই ভোটাৰক আকৰ্ষিত কৰিবলৈ চলাইছিল ব্য়াপক প্ৰচেষ্টা । তৃতীয় পৰ্যায়ৰ পূৰ্বলৈকে প্ৰচাৰ অভিযান চলাই থকাৰ সময়ত বিজেপি নেতাসকলে দাবী কৰিছিল যে, প্ৰথম দুটা পৰ্যায়ত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰত উপনীত হৈছিল বিজেপি আৰু অন্তিম পৰ্যায়ৰ ভোটদানৰ সৈতে তেওঁলোকে অসমত সংখ্যাগৰিষ্ঠতাৰে সৈতে চৰকাৰ গঠন কৰিব ।

ৰাজ্য়ত কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰাইও প্ৰচাৰ চলাইছিল ৷ অৱশ্যে, পিছলৈ স্বামী ৰবাৰ্ট ৱাদ্ৰা ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ বাবে বাতিল কৰিব লগা হৈছিল প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ প্ৰচাৰ সভা ।

মানুহে আমাক আশীৰ্বাদ দিছে, অসমত বিজেপিয়েই থাকিব ক্ষমতাত : সোণোৱাল

উল্লেখযোগ্য যে, পাঁচ বছৰত ৰাজ্যৰ যুৱকসকলক পাঁচ লাখ চৰকাৰী চাকৰি, ২০০ ইউনিট বিনামূলীয়া বিদ্যুত প্ৰদান, চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি, গৃহিণীসকলক প্ৰতি মাহে ২,০০০ টকাকৈ প্ৰদান কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ প্ৰতিশ্ৰুতিৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কংগ্ৰেছ দল । মন কৰিবলগীয়া কথা যে, কংগ্ৰেছ দলে বিজেপি নেতাসকলৰ দ্বাৰা নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছিল নিৰ্বাচনী পেনেলত ৷

লগতে পঢ়ক:15,000 ৰো অধিক ভোটত অগ্ৰগতি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details