গুৱাহাটী, ১১ ছেপ্টেম্বৰ:বিজেপি চৰকাৰৰ শাসনত অসমত স্বাক্ষৰিত বিভিন্ন শান্তি চুক্তি সঠিকভাৱে ৰূপায়নত সফল হৈছে ৷ সোমবাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই কথা । বিধানসভাত মুখ্যমন্ত্ৰীয়ে কয় যে, বড়ো শান্তি চুক্তি অৰ্থাৎ বি টি আৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে । যোৱা দুবছৰত বি টি আৰ চুক্তিৰ প্ৰায়বোৰ দফা দ্ৰুতগতিত ৰূপায়ণ হৈছে আৰু ইয়াৰ অধিকাংশ দফাৰে বৰ্তমান ৭০ শতাংশৰ পৰা ৯০ শতাংশ ইতিমধ্যে ৰূপায়ণ কৰা হৈছে ।
মুখ্যমন্ত্ৰী শৰ্মাই বিটিআৰ চুক্তিৰ দুটা বিশেষ দফা- বি টি আৰ এলেকাৰ সম্প্ৰসাৰণ গহপুৰলৈকে আৰু বি টি আৰৰ আসন বৃদ্ধি কৰি এই আসন সংৰক্ষণৰ সমানুপাতিকতাৰ ক্ষেত্ৰত এক এক্যমতত উপনীত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ অতি কম সময়ৰ ভিতৰত বি টি আৰ চুক্তিৰ প্ৰতিটো চুক্তি সম্পূৰ্ণভাৱে ৰূপায়ণ হ'ব বুলি তেওঁ আশা ব্যক্ত কৰি নতুনকৈ ৰূপায়ণ কৰা চুক্তিৰ প্ৰতিটো দিশ অতিকৈ সন্তোষজনক বুলি উল্লেখ কৰে ৷ তেওঁ সঘনাই এবছু, বড়ো সাহিত্য সভা আৰু এনডিএফবিৰ প্ৰাক্তন সংগঠনৰ লগত আলোচনাত মিলিত হোৱাত চুক্তি ৰূপায়নত কোনো অন্তৰায় সৃষ্টি হোৱা নাই বুলি জানিবলৈ দিয়ে ৷