নিউজ ডেস্ক,২৮ এপ্ৰিল: আলোচনাপন্থী আলফা গোটৰ সৈতে অহা মে’ মাহৰ শেষৰফালে সম্পন্ন হ’ব পাৰে শান্তি চুক্তি (Peace agreement to be concluded by the end of May) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে চলি থকা আলোচনাৰ ফলপ্ৰসূ সমাধানৰ কথা আশা প্ৰকাশ কৰি বৃহস্পতিবাৰে সদৰী কৰে এই কথা (Himanta Biswa Sarmah on peace agreement) ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আলফাৰ আলোচনাপন্থী গোটৰ সৈতে আলোচনা চলি আছে আৰু চৰকাৰে ইতিমধ্যে তেওঁলোকক সম্পাদিত হ’ব লগা চুক্তিৰ এখন খচৰা প্ৰদান কৰিছে (Peace agreement with ULFA verge of completion) ৷ "
লগতে তেওঁ কয় যে "যদিহে আলোচনাপন্থী আলফাই এই খচৰা গ্ৰহণ নকৰে তেন্তে বিষয়টো পুনৰ পিছ পৰি ৰ’ব ৷ আমি আশাবাদী যে মে’ মাহৰ শেষৰফালে আলফাৰ আলোচনাপন্থী গোটৰ সৈতে শান্তিচুক্তি স্বাক্ষৰিত হ’ব ৷’’ লক্ষণীয় বিষয় এই যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে আলোচনাৰ পৰিপ্ৰেক্ষিতত আলোচনাপন্থী আলফা গোটক শান্তিচুক্তিৰ খচৰা প্ৰদান কৰা হৈছে ৷ কিন্তু শান্তি আলোচনাৰ বাবে পৰেশ বৰুৱা নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) (United Liberation Front of Asom Independent)ৰ সৈতে আলোচনা প্ৰক্ৰিয়া সঠিক পথত চলি থকা নাই বুলিও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ কৰা প্ৰয়োজন যে, বিগত সময়ছোৱাত আলোচনাপন্থী আলফা গোটে শান্তি চুক্তি সম্পাদিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো সদিচ্ছা আৰু আন্তৰিকতা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছিল ৷ কিন্তু বৰ্তমান চৰকাৰে প্ৰদান কৰা খচৰা শান্তিচুক্তি আলফাই কিদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলোচনাপন্থী আলফা নেতা অনুপ চেতীয়াই আলফাৰ কেন্দ্ৰীয় সমিতিৰ সৈতে আলোচনা কৰাৰ পাচতহে খচৰাখন গ্ৰহণ কৰা হ’ব নে নহয় সেয়া নিৰ্ধাৰণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে ৷
কিন্তু সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সৈতে চৰকাৰৰ আলোচনা অব্যাহত থাকিলেও ‘সাৰ্বভৌমত্ব’ৰ দাবীৰ ওপৰত আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰালৈকে যে শান্তি আলোচনা সম্ভৱ নহয় সেই কথা ইতিমধ্যেই স্পষ্ট কৰি দিছে মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই (Paresh Baruah) ৷ এনে সময়ত আলফা স্বাধীনতে নিজৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ উজনি অসমৰ বহু যুৱক-যুৱতীয়ে যোগদান কৰিছে নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠনটোত ৷ ৪০ টা বছৰ অতিক্ৰম কৰা আলফা স্বাধীনৰ এই সংগ্ৰাম অন্ত পেলোৱাৰ বিষয়টো এতিয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ৷
লগতে পঢ়ক:Police firing thief: চিঠি লিখি চুৰি কৰা গাড়ীখন ওলাল; আৰক্ষীৰ গুলীত আহত গাড়ী চোৰ