গুৱাহাটী,১৭ নৱেম্বৰ :স্বেচ্ছাসেৱী যোগ প্রতিষ্ঠান ভাৰতীয় যোগ-সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰই ১২ ডিচেম্বৰ পৰা ২১ জানুৱাৰী লৈ এমাহজোৰা কাৰ্যসূচীৰে সপ্তদশ অসম যোগ মহোৎসৱ আয়োজন কৰিছে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ভাৰতীয় যোগ-সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে সপ্তদশ অসম যোগ মহোৎসৱ, ২০২৩ ৰ সম্পাদক ড৹ অনিল কুমাৰ পেগুৱে ।
সপ্তদশ অসম যোগ মহোৎসৱ কাৰ্যসূচীৰ বিৱৰণী দাঙি ধৰি তেওঁ কয় যে, ১২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া সপ্তদশ অসম যোগ মহোৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ধেমাজি জিলাৰ গোগামুখত । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । ১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া সপ্তদশ অসম যোগ মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ২৪ ডিচেম্বৰত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব । সেইদৰে গছপুলি ৰোপণ, সাংস্কৃতিক ৰেলী, ২১ জানুৱাৰীত সদৌ অসম যোগ মহাবিদ্যালয় যোগাসন প্রতিযোগিতা, যোগ কুইজ, স্বামী শিৱানন্দ সৰস্বতী যোগ প্ৰেৰণা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব ।